Mahabharat Bheem Pravin Kumar Death News : বি আৰ চোপ্ৰাৰ ধাৰাবাহিক মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ মৃত্যু হয়। প্ৰবীণ কুমাৰৰ বয়স আছিল ৭৪ বছৰ। প্ৰবীণ তেওঁৰ বিশাল উচ্চতাৰ বাবে জনাজাত আছিল। তেওঁ বলীউডৰ বহুতো চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। চাৰে ৬ ফুট ওখ অভিনেতা আৰু খেলুৱৈজন পঞ্জাৱৰ বাসিন্দা।
অভিনয়ত প্ৰৱেশ কৰাৰ আগতে প্ৰবীণ এজন হেমৰ আৰু ডিচকাচ থ্ৰো এথলীট আছিল। তেওঁ এছিয়ান গেমছত চাৰিটা পদক (2 টা সোণ, 1 টা ৰূপ আৰু 1 টা ব্ৰঞ্জ) জিকিছিল। তেওঁ দুখন অলিম্পিক গেমছ (১৯৬৮ মেক্সিকো গেমছ আৰু ১৯৭২ মিউনিখ গেমছ)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৰ্জুন বঁটা প্ৰাপকো আছিল। খেলৰ বাবেই প্ৰবীণ কুমাৰে সীমান্ত সুৰক্ষা বাহিনীত (BSF) উপ-কমাণ্ডেণ্টৰ চাকৰি লাভ কৰিছিল।
৭০ ৰ দশকত মনোৰঞ্জনৰ পৃথিৱীত ভৰি দিছিল
প্ৰবীণে ৭০ ৰ দশকৰ শেষৰ ফালে মনোৰঞ্জৰ পৃথিৱীত ভৰি দিছিল। দ্য টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত প্ৰবীণে তেওঁৰ প্ৰথমখন বলীউড ছবিত স্বাক্ষৰ কৰাৰ কথা মনত পেলাই ছিল যি সময়ত তেওঁ কাশ্মীৰত এখন টুৰ্ণামেণ্টৰ বাবে আছিল। তেওঁৰ প্ৰথম চৰিত্ৰটো ৰবিকান্ত নাগাইচৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছিল য'ত তেওঁৰ কোনো সংলাপ নাছিল।
প্ৰবীণ কুমাৰৰ পত্নীয়ে তেওঁৰ যত্ন লৈ আছিল
যোৱা বছৰৰ ডিচেম্বৰত, প্ৰবীণ কুমাৰে কৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি ঘৰত আছে। স্বাস্থ্য ভাল নহয় আৰু খোৱাত বহুপ্ৰকাৰৰ পৰিহাৰ আছে। মেৰুদণ্ডৰ সমস্যা আছে। ঘৰত, পত্নী বীণাই প্ৰবীণ কুমাৰৰ যত্ন লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|