• Home
  • »
  • News
  • »
  • entertainment
  • »
  • 'বন্ধুত্ব'ৰ নিভাঁজ আৱেগেৰে সম্পৃক্ত এখন অসমীয়া ছবি "বন্ধু"। ছবিপ্ৰেমী ৰাইজলৈ নয়ন নীলিমৰ এক সুন্দৰ উপহাৰ।

'বন্ধুত্ব'ৰ নিভাঁজ আৱেগেৰে সম্পৃক্ত এখন অসমীয়া ছবি "বন্ধু"। ছবিপ্ৰেমী ৰাইজলৈ নয়ন নীলিমৰ এক সুন্দৰ উপহাৰ।

২০১৯ৰ ৭ আগষ্টতে প্ৰথমবাৰৰ বাবে ছবি খনৰ নাম ঘোষণা হৈছিল যদিও কোভিডকালীন পৰিস্থিতিৰ বাবেই মুক্তিৰ দিন পিছুৱাই দিছিল।

২০১৯ৰ ৭ আগষ্টতে প্ৰথমবাৰৰ বাবে ছবি খনৰ নাম ঘোষণা হৈছিল যদিও কোভিডকালীন পৰিস্থিতিৰ বাবেই মুক্তিৰ দিন পিছুৱাই দিছিল।

২০১৯ৰ ৭ আগষ্টতে প্ৰথমবাৰৰ বাবে ছবি খনৰ নাম ঘোষণা হৈছিল যদিও কোভিডকালীন পৰিস্থিতিৰ বাবেই মুক্তিৰ দিন পিছুৱাই দিছিল।

  • Share this:
এক অভিন্ন সম্পৰ্কৰ নাম 'বন্ধুত্ব'। 'বন্ধুত্ব'ৰ নিভাঁজ আৱেগেৰে পৰিবেষ্টিত এখন অসমীয়া ছবি "বন্ধু"। সাৱলীল অভিনয় আৰু চিত্ৰনাট্য সংলাপেৰে অতি শীঘ্ৰে ছবিগৃহলৈ আহি আছে অমিত দীপক প্ৰডাকচন আৰু নয়ন নীলিম (amit deepak production & nayan nilim)ৰ "বন্ধু" নামৰ অসমীয়া ছবিখন। ছবিপ্ৰেমী ৰাইজলৈ নয়ন নীলিমৰ এক সুন্দৰ উপহাৰ।

৪ নৱেম্বৰত শুভমুক্তি হ'ব "বন্ধু"ৰ। ব্যতিক্ৰমী ধৰণে ছবি খনৰ শুভমুক্তিৰ দিন পুনৰবাৰ ঘোষণা কৰে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেতা নয়ন নীলিমে। UFOৰ মহা প্ৰৱন্ধক সৌৰভ দত্ত আৰু অভিনেত্ৰী গায়ত্ৰী মহন্তক সংবাদ মাধ্যমৰ সন্মুখতে ফোন কৰি শুভমুক্তিৰ দিন ঘোষণা কৰে জনপ্ৰিয় অভিনেতা গৰাকীয়ে।

শনিবাৰে গুৱাহাটীৰ কলিতা কেফেত আনুষ্ঠানিকভাৱে পোষ্টাৰো মুকলি কৰে ছবি খনৰ। কেৱল পোষ্টাৰ মুকলিয়েই নহয় ছবিখনৰ দুটাকৈ গীত গুনগুনালে অভিনেতা নয়ন নীলিমে। ২০১৯ৰ ৭ আগষ্টতে প্ৰথমবাৰৰ বাবে ছবি খনৰ নাম ঘোষণা হৈছিল যদিও
কোভিডকালীন পৰিস্থিতিৰ বাবেই মুক্তিৰ দিন পিছুৱাই দিছিল। ছবিখনক লৈ আশাবাদী অভিনেতা নয়ন নীলিম।
Published by:Manjumoni Borah
First published: