দুৰ্ঘটনাত পতিত বলীউড অভিনেত্ৰী মালাইকা অৰোৰা (Malaika Arora)ৰ মূৰৰ CT scan কৰা হয়। মুম্বাইৰ এপোলো হাস্পতাল (Apollo Hospital)ত ভৰ্তি কৰোৱা হৈছিল মালাইকা অৰোৰাক। দুখন বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল মালাইকাৰ বাহন। তাৰ পিছতে লগে লগে মালাইকাক এপোলো হাস্পতাললৈ নিয়া হয়।
হাস্পতালত CT scan কৰা হয় মালাইকাৰ মূৰৰ। কপালত কিছু আঘাত পাইছিল অভিনেত্ৰীগৰাকীয়ে। CT scan ৰিপোৰ্টত চিন্তা কৰিবৱগীয়া কোনো ধৰণৰ আঘাত ধৰা পৰা নাই। কিন্তু আজি নিশাটো হাস্পতালতে থাকিব লাগিব মালাইকাই। দেওবাৰে পুৱা ৰিলিজ দিব মালাইকাক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|