১৫ বছৰীয়া প্ৰেমৰ অন্তত হোমৰ অগ্নিক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে আচুৰ্যই। জুবিনৰ পৰা বিউটি বাইলুংলৈকে অসমৰ বহু কেইজন শিল্পী উপস্থিত থকা দেৰগাঁৱৰ কইনাৰ ঘৰত আচুৰ্যৰ সাক্ষী হৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। প্ৰায় ২০০খন বাহনেৰে আচুৰ্যৰ বৰযাত্ৰীৰ হৈ গৈছিল প্ৰায় সহস্ৰাধিক লোক।
২ মাৰ্চত অভ্যৰ্থনা, সৰুপথাৰৰ টেঙাহোলা ঘৰখনত উখল–মাখল পৰিৱেশ। ১৫০০০ লোকক আপ্যায়ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল।
অভ্যৰ্থনা দিনাও আচুৰ্য–মিনাক্ষীক আশীৰ্বাদ দিবলৈ আহিব বহুকেইজন জনপ্ৰিয় শিল্পী, ৰাজনৈতিক তথা বিভিন্ন দল–সংগঠনৰ নেতাৰ লগতে অগণন গুণমুগ্ধই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 28, 2023, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।