মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »The Kashmir Files: 'দি কাশ্মীৰ ফাইলছ' সকলোৱে চাব লাগে যদি YouTubeত আপলোড কৰি দিয়ক, কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ

The Kashmir Files: 'দি কাশ্মীৰ ফাইলছ' সকলোৱে চাব লাগে যদি YouTubeত আপলোড কৰি দিয়ক, কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ

The Kashmir Files: দি কাশ্মীৰ ফাইলছক কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ, ইউটিউবত আপলোড কৰি দিয়ক...

The Kashmir Files: দি কাশ্মীৰ ফাইলছক কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ, ইউটিউবত আপলোড কৰি দিয়ক...

The Kashmir Files: দি কাশ্মীৰ ফাইলছক কৰ মুক্ত কৰাক লৈ কেজৰিৱালৰ প্ৰত্যাক্ৰমণ, ইউটিউবত আপলোড কৰি দিয়ক...

  • Share this:
দেশৰ চৌদিশে দি কাশ্মীৰ ফাইলছ (The Kashmir Files)ৰ চৰ্চা অব্যাহত আছে। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ বহু নেতা-মন্ত্ৰীয়ে দি কাশ্মীৰ ফাইলছক এখন ঐতিহাসিক চিনেমা আখ্যা দিছে। ছবিখন সকলো ভাৰতীয়ই ছাব লাগে বুলি আহ্বান জনাই ইতিমধ্যে বহু ৰাজ্যত ছবিখনক কৰমুক্ত কৰা হৈছে। ছবিখনক কৰ মুক্ত কৰাক লৈ শেহতীয়াকৈ মুখ খুলিছে দিল্লীৰ মুখ্যমন্ত্ৰী (Delhi CM) তথা আম আদমী পাৰ্টী (AAP)ৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)।

দি কাশ্মীৰ ফাইলছক লৈ বিজেপিক কঠোৰভাৱে আক্ৰমণ কৰিছে অৰবিন্দ কেজৰিৱালে। দিল্লী বিধানসভাত কেজৰিৱালে কয় যে কাশ্মীৰি পণ্ডিতৰ নামত এই কিছুলোকে দিনে কোটি কোটি টকা ঘটি আছে। বিজেপিৰ লোকসকলে মিছা ছবি এখনৰ পোষ্টাৰ লগাই আছে। ইয়াৰ মাজতে দি কাশম্ীৰ ফাইলছক কৰ মুক্ত কৰাৰ প্ৰসংগত কেজৰিৱালে কয়, চিনেমাখন ইউটিউব (YouTube)ত দি দিয়ক, গোটেই চিনেমাখনেই ফ্ৰী হৈ যাব।

বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ বাজেট অধিবেশনত চিনেমাখন কৰ মুক্ত কৰিব লাগে বুলি বিজেপিয়ে কৰা দাবীৰ প্ৰত্যুত্তৰ দিয়ে কেজৰিৱালে। কাশ্মীৰি পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰক লৈ নিৰ্মিত ছবিখনক বিহাৰ, হাৰিয়ানা, মধ্য প্ৰদেশ, উত্তৰ প্দেশ, গুজৰাট, ত্ৰিপুৰা, গোৱা আদিকে ধৰি কেইবাখনো ৰাজ্যত কৰ মুক্ত ঘোষণা কৰি হৈছিল। বিজেপি নেতাসকলে দিল্লীতো চিনেমাখন কৰ মুক্ত কৰাৰ দাবী উত্থাপন কৰি আহিছিল। আনকি বুধবাৰে বিজেপিৰ বিধায়কে বিধানসভাত প্ৰতিবাদো কৰিছিল।


বিজেপিৰ প্ৰতিবাদৰ পিছতে বৃহস্পতিবাৰে এই দৰে উত্তৰ দিছিল।

শেহতীয়া বাতৰি