• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Aamir Khan’s Third wedding: আমিৰ খানে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ'ব নেকি? এই অভিনেত্ৰীৰ সৈতে ওলাইছে নাম!

Aamir Khan’s Third wedding: আমিৰ খানে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ'ব নেকি? এই অভিনেত্ৰীৰ সৈতে ওলাইছে নাম!

খবৰ মতে, আমিৰ খানে তৃতীয়বাৰৰ বাবে বলীউডৰ অভিনেত্ৰী ফাতিমা ছানা শ্বেখক বিয়া কৰাবলৈ গৈ আছে।

খবৰ মতে, আমিৰ খানে তৃতীয়বাৰৰ বাবে বলীউডৰ অভিনেত্ৰী ফাতিমা ছানা শ্বেখক বিয়া কৰাবলৈ গৈ আছে।

খবৰ মতে, আমিৰ খানে তৃতীয়বাৰৰ বাবে বলীউডৰ অভিনেত্ৰী ফাতিমা ছানা শ্বেখক বিয়া কৰাবলৈ গৈ আছে।

  • Share this:

তৃতীয় বিবাহলৈ মন মেলিছে আমিৰ খানে। এই খবৰ বিয়পি পৰিছে ছ'চিয়েল মিডিয়াত। তুমুল চৰ্চা হৈছে ইয়াকে লৈ। উল্লেখ্য, আমিৰ খানে এই বছৰ তেওঁৰ দ্বিতীয় পত্নী কিৰণ ৰাও (Kiran Rao)ক বিবাহ বিচ্ছেদ দিছিল। আমিৰে ইয়াৰ আগতে ২০০২ চনত তেওঁৰ প্ৰথম পত্নী ৰীণা দত্তৰ পৰা পৃথক হৈছিল।


এতিয়া ছ'চিয়েল মিডিয়াত ওলাইছে যে আমিৰ খানে তৃতীয় বিবাহৰ ফালে মন মেলিছে।  বিয়পি পৰা খবৰ মতে, আমিৰ খানে তৃতীয়বাৰৰ বাবে বলীউডৰ অভিনেত্ৰী ফাতিমা ছানা শ্বেখক বিয়া কৰাবলৈ গৈ আছে।


কিন্তু এয়া সঁচা নহয়, উৰাবাতৰিহে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই বাতৰিৰ কোনো সত্যতা নাই। আমিৰ খানৰ ঘনিষ্ঠ সূত্ৰই তেওঁৰ তৃতীয় বিবাহৰ কথাটো মিছা বুলি অভিহিত কৰিছে। উল্লেখ্য, ইয়াৰ আগতেও বলীউডৰ 'ডংগল গাৰ্ল' ফাতিমা ছানা শ্বেখ ( Fatima Sana Shaikh) আৰু আমিৰ খান (Aamir Khan)ৰ মাজত সম্পৰ্কক লৈ উৰাবাতৰি ওলাইছিল। ফাতিমাই তেতিয়া ইয়াৰ ওপৰত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।


ফাতিমাই সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কৈছিল– ''এয়া যথেষ্ট আচৰিত কথা। মোৰ মায়ে এই সকলোবোৰ টিভিত চাইছিল। পিছদিনা বাতৰি কাকতত মোৰ ফটোখন চাই কৈছিল– তোমাৰ ফটো আহিছে। শিৰোনামটো শুনি মই বিচলিত হৈ পৰিছিলো।'' ফাতিমাই আৰু কৈছিল যে এনে বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰি, কিন্তু যিসকলে এইবোৰ উলিয়াই, তেওঁলোকক কোনো কথা কৈ লাভ নাই, কিয়নো মানুহৰ কাম হৈছে এনে কথা কোৱা আৰু তেওঁলোকে এয়া কৈয়েই থাকিব।


উল্লেখ্য, ফাতিমা ছানা শ্বেখক 'ডংগল' বোলছবিখনত আমিৰ খানৰ জীয়ৰী হিচাপে দেখা গৈছিল। দুয়োজনে থগছ অফ হিন্দুস্তানতো একেলগে কাম কৰিছিল।

Published by:Gautam Barman
First published: