
'সসুৰাল চিমাৰ কা' আৰু 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে'ত আদি ধাৰাবাহিকত নিজৰ চৰিত্ৰৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীক তেওঁৰ মধ্য প্ৰদেশৰ ইন্দোৰস্থিত ঘৰত মৃত অৱস্থাত পোৱা গৈছে।
'সসুৰাল চিমাৰ কা' আৰু 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে'ত আদি ধাৰাবাহিকত নিজৰ চৰিত্ৰৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীক তেওঁৰ মধ্য প্ৰদেশৰ ইন্দোৰস্থিত ঘৰত মৃত অৱস্থাত পোৱা গৈছে।
টেলিভিছন জগতৰ জনপ্ৰিয় নাম তথা ২৬ বছৰীয়া অভিনেত্ৰী বৈশালী তক্কৰ আৰু নাই। 'সসুৰাল চিমাৰ কা' আৰু 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে'ত আদি ধাৰাবাহিকত নিজৰ চৰিত্ৰৰ বাবে জনাজাত অভিনেত্ৰীগৰাকীক তেওঁৰ মধ্য প্ৰদেশৰ ইন্দোৰস্থিত ঘৰত মৃত অৱস্থাত পোৱা গৈছে। আৰক্ষীৰ তৰফৰ পৰা সন্দেহ কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিছে। জানিব পৰা মতে, তেওঁৰ ঘৰৰ পৰা এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। বৈশালী তক্কৰে তেওঁৰ দেউতাক আৰু ভায়েকৰ সৈতে ইন্দোৰত বাস কৰিছিল। ২০১৫ চনত 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে' ধাৰাবাহিকৰ জৰিয়তে নিজৰ অভিনয় কেৰিয়াৰৰ আৰম্ভণি কৰা বৈশালীৰ মৃত্যুৱে তেওঁৰ অনুৰাগীসকলৰ লগতে টেলিভিছন জগতখনক জোকাৰি গৈছে। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীক শেহতীয়াকৈ 'ৰক্ষা বন্ধন'ত দেখা গৈছিল য'ত তেওঁ বিগ বছখ্যাত নিশান্ত মালকানিৰ বিপৰীতে অভিনয় কৰিছিল।
বৈশালী তক্কৰ মূলতঃ উজ্জয়িনীৰ মহিদপুৰৰ আছিল। টেলিভিছন ধাৰাবাহিকত অভিনয় কৰাৰ লগতে তেওঁ ৰিয়েলিটি শ্ব' বিগ বছতো অংশগ্ৰহণ কৰিছিল। তেওঁ বিগত এবছৰ ধৰি ইন্দোৰৰ তেজাজী নগৰ আৰক্ষী থানা অঞ্চলৰ চাই বাগ কলনীত বাস কৰিছিল। বৈশালী তক্কৰৰ দেউতাকৰ নিজা ব্যৱসায় আছিল আৰু তেওঁৰ সৰু ভায়েকো সেই ব্যৱসায়ৰ সৈতে জড়িত আছিল। দেওবাৰে ৰাতিপুৱা যেতিয়া বৈশালী ঠক্কৰ নিজৰ কোঠাৰ পৰা ওলাই অহা নাছিল তেতিয়া দেউতাকে তেওঁৰ কোঠালৈ গৈছিল য'ত অভিনেত্ৰীগৰাকীক ওলমি থকা অৱস্থাত পোৱা গৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|