মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »এগৰাকী ছোৱালীয়ে বলিউদৰ গায়িকা নেহা কক্কৰৰ ষ্টাইলত গান গাই অৰ্ডাৰ কৰিলে পিজ্জা, তাৰ পাছত

এগৰাকী ছোৱালীয়ে বলিউদৰ গায়িকা নেহা কক্কৰৰ ষ্টাইলত গান গাই অৰ্ডাৰ কৰিলে পিজ্জা, তাৰ পাছত

ছোৱালীজনীয়ে পিজ্জা অৰ্ডাৰ কৰোতে গান গাবলৈ আৰম্ভ কৰে আৰু গীত পৰিৱেশনেৰে পিজ্জা অৰ্ডাৰ দিয়াৰ লগতে নিজ ঠিকনাটোও কয়

ছোৱালীজনীয়ে পিজ্জা অৰ্ডাৰ কৰোতে গান গাবলৈ আৰম্ভ কৰে আৰু গীত পৰিৱেশনেৰে পিজ্জা অৰ্ডাৰ দিয়াৰ লগতে নিজ ঠিকনাটোও কয়

ছোৱালীজনীয়ে পিজ্জা অৰ্ডাৰ কৰোতে গান গাবলৈ আৰম্ভ কৰে আৰু গীত পৰিৱেশনেৰে পিজ্জা অৰ্ডাৰ দিয়াৰ লগতে নিজ ঠিকনাটোও কয়

  • Share this:
বলিউদৰ গায়িকা নেহা কক্কৰৰ অনুৰাগীৰ কোনো অভাৱ নাই। তেওঁৰ অনুৰাগীসকলে তেওঁৰ কাপোৰৰ পৰা আৰম্ভ কৰি তেওঁৰ ষ্টাইললৈকে সকলোবোৰ অনুসৰণ কৰে। শেহতীয়াকৈ, সামাজিক মাধ্যমত এজনী ছোৱালীৰ ভিডিঅ’ ভাইৰেল হৈ আছে, য'ত তেওঁ নেহা কক্কৰৰ ষ্টাইলত গীত গাই পিজ্জা অৰ্ডাৰ কৰা দেখা গৈছে। কিছু সময় আগতে, একে ধৰণেৰে এজনী ছোৱালীয়ে আলিয়া ভট্টৰ ষ্টাইলত ফোন কৰি পিজ্জাৰ অৰ্ডাৰ দিছিল যি ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল।

ভাইৰেল হোৱা এই ভিডিঅ'টোত এগৰাকী ছোৱালীয়ে পিজ্জা অৰ্ডাৰ কৰিবলৈ পিজ্জা আউটলেটলৈ ফোন কৰিছে। ফোনটোৰ ইটোফালৰ পৰা এটা মাত শুনিবলৈ পোৱা গৈছে য’ত ব্যক্তিজনে অৰ্ডাৰ লৈ আছে। ছোৱালীজনীয়ে পিজ্জা অৰ্ডাৰ কৰোতে গান গাবলৈ আৰম্ভ কৰে আৰু গীত পৰিৱেশনেৰে পিজ্জা অৰ্ডাৰ দিয়াৰ লগতে নিজ ঠিকনাটোও কয়।

উল্লেখ্য যে, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে, যিটোৱে যথেষ্ট দৰ্শন লাভ কৰিছে আৰু মানুহে লাইক কৰিছে। এই ভিডিঅ'টো এতিয়ালৈকে ৮ হাজাৰতকৈও অধিক লোকে লাইক কৰিছে। ভিডিঅ'টো চোৱাৰ পিছত, ব্যৱহাৰকাৰীসকলে ইয়াক বিভিন্ন প্ৰকাৰৰ প্ৰতিক্ৰিয়াও দিছে।

শেহতীয়া বাতৰি