মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Film Mamatar Chithi: কবি হেম বৰুৱাৰ কবিতাৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ 'মমতাৰ চিঠি'ৰ  পোষ্টাৰ মুকলি 

Film Mamatar Chithi: কবি হেম বৰুৱাৰ কবিতাৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ 'মমতাৰ চিঠি'ৰ  পোষ্টাৰ মুকলি 

তৰালি শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কন্ঠদান কৰা ছবিখন আগন্তুক পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

তৰালি শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কন্ঠদান কৰা ছবিখন আগন্তুক পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

তৰালি শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কন্ঠদান কৰা ছবিখন আগন্তুক পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

  • Share this:
মৰমৰ,

এয়া মম এডাল জ্বলাই লৈছো/ আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি/

বাহিৰৰ উৰুঙা বতাহ জাক আহি মমডাল কোবাইছে/ চাওঁ খিৰিকীখন জপাই দিওঁ....


অসমীয়া আধুনিক কবিতাৰ অন্যতম কবিতা মমতাৰ চিঠিয়ে পাব অন্য এক পৰিচিতি। কবি হেম বৰুৱাৰ এই কালজয়ী কবিতা  'মমতাৰ চিঠি'ৰ আধাৰত বৰপেটাৰ পৰা নিৰ্মল দাসৰ পৰিচালনাৰে একেই নামেৰে নিৰ্মিত 'মমতাৰ চিঠি' চলচ্চিত্ৰৰ পোষ্টাৰ মুকলি কৰা হয়।

বৃহস্পতিবাৰে বৰপেটা প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত চলচ্চিত্ৰখনৰ পোষ্টাৰ  মুকলি কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে। নিৰ্মল দাসৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত মমতাৰ চিঠিৰ মূল চৰিত্ৰত গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াৰ লগতে ভাৰ্গৱ কটকী, চেতনা দাস আদিয়ে অভিনয় কৰিছে।

তৰালি শৰ্মাৰ সংগীতত জুবিন গাৰ্গে কন্ঠদান কৰা ছবিখন আগন্তুক পূজাৰ বতৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে। আজি পোষ্টাৰ মুকলি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, মুখাৰ সভাপতি ভেইৰু কুমাৰ শৰ্মা, চলচ্চিত্ৰৰ কাৰিকৰী নিৰ্দেশক প্ৰদীপ দৈমাৰী, সংগীতজ্ঞ প্ৰদীপ কুমাৰ মিশ্ৰ, সমাজকৰ্মী দেৱাদিৱ দাস, সমাজকৰ্মী প্ৰতুল দাস, সমাজকৰ্মী ধনজিৎ পাঠক উপস্থিত আছিল।

ভাষণ প্ৰসংগত পোষ্টাৰ উন্মোচক গুণীন্দ্ৰ  নাথ দাসে কয় যে বৰপেটা সাহিত্য, কলা, সংস্কৃতিৰ দিশত আগবঢ়া৷ বৰপেটাৰ পৰা বহু বছৰ আগতে "অপৰাজেয়," "মানস কন্যা" আদি কৰি কেইখনমান চলচ্চিত্ৰ তৈয়াৰ কৰিছিল যদিও বহু বছৰ বিৰতিৰ মূৰত পুনৰ বৰপেটাৰ পৰা নিৰ্মল দাসৰ চিনেমা  ''মমতাৰ চিঠি'' অতি সোনকালে ৰাইজে উপভোগ কৰিব পাৰিব।

শেহতীয়া বাতৰি