মুখ্যপৃষ্ঠা »খবৰ »ডিমাপুৰ »হাস্পতালৰ ICUত কেনে আছে NSCN-IMৰ মুৰব্বী থুইংগালেং মুইভা?

হাস্পতালৰ ICUত কেনে আছে NSCN-IMৰ মুৰব্বী থুইংগালেং মুইভা?

দুবাৰকৈ কোভিড জয়ৰ পিছত শাৰীৰিক অসুস্থতাত ভোগা মুইভাৰ আশু আৰোগ্য কামনা নগা ৰাইজৰ। 

দুবাৰকৈ কোভিড জয়ৰ পিছত শাৰীৰিক অসুস্থতাত ভোগা মুইভাৰ আশু আৰোগ্য কামনা নগা ৰাইজৰ। 

দুবাৰকৈ কোভিড জয়ৰ পিছত শাৰীৰিক অসুস্থতাত ভোগা মুইভাৰ আশু আৰোগ্য কামনা নগা ৰাইজৰ। 

  • Share this:

নগা জাতিৰ স্বাধিকাৰৰ বাবে সত্তৰ দশকৰ পৰা সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দি অহা ৮৮ বছৰীয়া থুইংগালেং মুইভা এতিয়া হাস্পতালৰ ICUত ৷ দুবাৰকৈ কোভিড জয় কৰা মুইভাৰ স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে ততাতৈয়াকৈ ডিমাপুৰৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু হাস্পতালখনৰ ICUলৈ স্থানান্তৰ কৰা হয় মুইভাক ৷


“ভাৰত আৰু নগা দুখন সুকীয়া ৰাষ্ট্ৰ ৷ প্ৰথমবাৰৰ বাবে ভাৰতে এই কথা স্বীকাৰ কৰি লৈছে ৷ স্বীকাৰ কৰাই নহয় লিখিত হৈ গৈছে এই কথা ৷ ফ্ৰেমৱৰ্ক এগ্ৰিগেটত এই কথা লিখা আছে ৷ নগা আৰু ভাৰত দুখন সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ হিচাপে দুয়োখনে পৰস্পৰে পৰস্পৰৰ সৈতে মিলি বসবাস কৰিম ৷” -এই ঘোষণা আছিল থুইংগালেং মুইভাৰ ৷


NSCNৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক  তথা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ স্বঘোষিত চৰকাৰ GPRNৰ প্ৰধানমন্ত্ৰী থুইংগালেং মুইভা ৷ ২০১৭ত কেম্প হেব্ৰনত এনেদৰেই ২০১৫ত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ সন্দৰ্ভত News18ৰ সন্মুখত সদম্ভে ঘোষণা কৰিছিল নগা আৰু ভাৰত দুখন সুকীয়া ৰাষ্ট্ৰ বুলি ৷ এইজন অশীতিপৰ বিদ্ৰোহী নেতা মুইভা এতিয়া হাস্পতালত ৷


শনিবাৰে ডিমাপুৰৰ ৰেফাৰেল হাস্পতালত দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে ততাতৈয়াকৈ ৰেফাৰেল হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হয় মুইভাক ৷ শনিবাৰৰ নিশাৰে পৰা বিশেষজ্ঞ চিকিৎসকৰ দলে অহৰহ চিকিৎসা চলোৱাৰ পিছত দেওবাৰৰ পুৱা মুইভাৰ  স্বাস্থ্যৰ উন্নতি ঘটে বুলি হাস্পতালৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷


মধুমেহ ৰোগত আক্ৰান্ত মুইভাই বিগত ২১ জুলাইত ডিমাপুৰৰ ছুমুকেডিমাত থকা আৰক্ষী ছাউনীৰ সভাকক্ষত নগা পলিটিকেল ক'ৰ গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈছিল, য'ত নাগালেণ্ডৰ সকলো বিধায়ক উপস্থিত আছিল ৷


ভাৰত চৰকাৰৰ সৈতে পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰিবলৈ কোনো মতে মান্তি নোহোৱা মুইভা এতিয়া দুবাৰকৈ কোভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত পুনৰ চিকিৎসাধীন হ'বলগীয়া হোৱাত চিন্তিত হৈ নগা ৰাইজ ৷


দেওবাৰে NSCN(IM)ৰ তৰফৰ পৰা জনোৱা হৈছে যে বিশেষজ্ঞ চিকিৎসকৰ নেৰানেপেৰা চিকিৎসাত সুস্থ হৈ উঠিছে ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মূল নেতা থুইংগালেং মুইভা ৷ মুইভাৰ আশু আৰোগ্যৰ বাবে ৰাইজক প্ৰাৰ্থনা জনাবলৈও আহ্বান জনাইছে  NSCN(IM)–এ। ৷

শেহতীয়া বাতৰি