মুখ্যপৃষ্ঠা » খবৰ

» ডিমাপুৰ

»NSCN(IM)ৰ সেনাপ্ৰধান এন্থনী ছিমৰেৰ কাৰ্যকাল দুবছৰলৈ বৃদ্ধি, কিন্তু কিয়?

NSCN(IM)ৰ সেনাপ্ৰধান এন্থনী ছিমৰেৰ কাৰ্যকাল দুবছৰলৈ বৃদ্ধি, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:September 18, 2021, 1:46 PM IST
NSCN(IM)ৰ সেনাপ্ৰধান এন্থনী ছিমৰেৰ কাৰ্যকাল দুবছৰলৈ বৃদ্ধি, কিন্তু কিয়?
কোন দিশে নগা সমস্যা সমাধানৰ আলোচনা?

কোন দিশে নগা সমস্যা সমাধানৰ আলোচনা?

  • News18 Assam
  • Last Updated: September 18, 2021, 1:46 PM IST
  • Share this:

দুবছৰৰ বাবে কাৰ্যকাল বৃদ্ধি কৰা হৈছে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সেনাপ্ৰধানৰ ৷ NSCN(IM)ৰ সামৰিক গোট নাগা আৰ্মীৰ সেনাপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এন্থনী ছিমৰেৰ দুবছৰলৈ কাৰ্যকাল বৃদ্ধি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সংগঠনটোৰ অধ্যক্ষ কিউ টুছুৱে ৷


NSCN(IM)ৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটী কলেক্টিভ লীডাৰশ্বীপে লোৱা সিদ্ধান্ত মৰ্মে এন্থনী ছিমৰেৰ কাৰ্যকাল ২০২১ৰ ২৮ নৱেম্বৰৰ পৰা ২০২৩ৰ ২৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷


উল্লেখযোগ্য যে কে ফুংটিং ছিমৰাঙৰ পৰা নাগা আৰ্মীৰ সেনাপ্ৰধানৰ দায়িত্ব গ্ৰহণ কৰা এন্থনী ছিমৰেৰ বিৰুদ্ধে NIAত গোচৰ চলি আছে ৷ ইপিনে ভাৰত চৰকাৰৰ সৈতে চলি থকা আলোচনাই বিশেষ অগ্ৰগতি লাভ নকৰাত ২০১৯ৰ শেষৰ ভাগত অতি গোপনে শতাধিক সশস্ত্ৰ সতীৰ্থক লগত লৈ কে ফুংটিং ছিমৰাঙে কেম্প হেব্ৰন ত্যাগ কৰি ম্যানমাৰ হৈ চীনত প্ৰৱেশ কৰিছিল।

Published by: Gautam Barman
First published: September 18, 2021, 1:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি