২৩ মে'ত যোধপুৰত আত্মহত্যা কৰিছিল এগৰাকী নগা মহিলাই। চহৰখনৰ সিন্ধি কলনীৰ এটা ভাড়াঘৰত বাস কৰা নাগালেণ্ডৰ মহিলাগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰিছিল। যোধপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ লগতে সকলো যাৱতীয় কাৰ্য সম্পন্ন কৰিছিল। তিনি সন্তানৰ মাতৃ মহিলাগৰাকী অকলে যোধপুৰত বাস কৰিছিল আৰু এখন ব্যক্তিগত ৰেষ্টুৰেণ্টত অনলাইন বিলিং কৰি জীৱিকা নিৰ্বাহ কৰিছিল।
ইমানলৈ সকলো ঠিকেই আছিল যদিও আত্মহত্যাৰ পিছতে বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰিত এটা ভাইৰেল ভিডিঅ'ৱে নগা মহিলাগৰাকীৰ আত্মহত্যাক লৈ চাঞ্চল্য বিয়পায় চুবুৰীয়া ৰাজ্য নাগালেণ্ড তথা যোধপুৰত। অমানৱীয়তা, নিষ্ঠুৰতা আৰু বীভত্সতাৰ দিশ ফুটাই তোলা ভাইৰেল ভিডিঅ'টো উক্ত নগা মহিলাগৰাকীৰ বুলি প্ৰচাৰ কৰা হয় ছ'চিয়েল মিডিয়াত। এই ভিডিঅ'টোত কোৱা হয় যে ই ৰাজস্থানৰ যোধপুৰত সংঘটিত শেহতীয়া আত্মহত্যাৰ ঘটনাৰ সৈতে সম্পৰ্কিত।
এই সম্পৰ্কে যোধপুৰ আৰক্ষী, দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত তথা হেল্পিং হেণ্ডচ ছ'চাইটীৰ সভাপতি ৰবীন হিবুৱে ভাইৰেল ভিডিঅ'টোৰ পৰীক্ষা কৰি এয়া ২৩ মে'ত ৰাজস্থানৰ যোধপুৰত আত্মহত্যাৰ ফলত মৃত্যু হোৱা ২৫ বছৰীয়া নগা মহিলাগৰাকীৰ সৈতে সম্পৰ্কিত নহয় বুলি উল্লেখ কৰিছে। বিজেপি নেতা কিৰেণ ৰিজিজুৱেও এয়া নাগালেণ্ডৰ উক্ত মহিলা নহয় বুলি টুইটযোগে উল্লেখ কৰে। কিন্তু এটা দলবদ্ধ ধৰ্ষণৰ দৃশ্যসম্বলিত ভিডিঅ'টোৱে চাঞ্চল্যৰ সৃষ্টি কৰে দেশজুৰি। প্ৰশ্ন হয় কোন এই নিৰ্যাতিত মহিলা। আৰু কোনে ইয়াক যোধপুৰৰ ঘটনাৰে সম্পৰ্কিত কৰিছিল? আৰক্ষী বৰ্তমান তাৰ সন্ধানত ব্যস্ত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।