মুখ্যপৃষ্ঠা »খবৰ »ডিমাপুৰ »২১ মাহৰ অন্তত NSCN(IM)ৰে পুনৰ আলোচনা ভাৰত চৰকাৰৰ

২১ মাহৰ অন্তত NSCN(IM)ৰে পুনৰ আলোচনা ভাৰত চৰকাৰৰ

আৰ এন ৰবিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰাৰ অভিযোগ তুলি NSCN(IM)য়ে ৰবিৰ সৈতে আলোচনাত নবহে বুলি ঘোষণা কৰিছিল।

আৰ এন ৰবিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰাৰ অভিযোগ তুলি NSCN(IM)য়ে ৰবিৰ সৈতে আলোচনাত নবহে বুলি ঘোষণা কৰিছিল।

আৰ এন ৰবিয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰাৰ অভিযোগ তুলি NSCN(IM)য়ে ৰবিৰ সৈতে আলোচনাত নবহে বুলি ঘোষণা কৰিছিল।

  • Share this:

সুদীৰ্ঘ ২১ মাহ! সুদীৰ্ঘ এই ২১ মাহে স্তব্ধ হৈ আছিল NSCN(IM) আৰু ভাৰত চৰকাৰৰ মাজৰ আলোচনা ৷  ২০২০ৰ জানুৱাৰী মাহতেই অন্তিমখন আনুষ্ঠানিক আলোচনা হৈছিল দুয়োপক্ষৰ মাজত ৷ এই সময়ছোৱাত অৱশ্যে ভাৰত চৰকাৰৰ হৈ ইণ্টেলিজেন্স ব্যুৰ'ৰ বিশেষ দলে NSCN(IM)ৰ সৈতে একাধিকবাৰ অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰে ৷


আলোচনা প্ৰক্ৰিয়াত যতি পৰাৰ ২১ মাহৰ পিছত কাইলৈ (২০ ছেপ্টেম্বৰ)ত NSCN(IM)ৰে আনুষ্ঠানিক আলোচনাত বহিবলৈ ডিমাপুৰলৈ আহিব ভাৰত চৰকাৰৰ প্ৰতিনিধি ৷ এই প্ৰতিনিধি হ'ব বিগত এপ্ৰিলত ইণ্টেলিজেন্স ব্যুৰ'ৰ বিশেষ সঞ্চালক হিচাপে অৱসৰগ্ৰহণ কৰা অক্ষয় কুমাৰ মিশ্ৰ (AK Mishra) ৷ NSCN(IM)ৰ দলটোক আলোচনাত নেতৃত্ব দিব সংগঠনৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই ৷


ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে NSCN(IM)ৰ সৈতে আলোচনাৰ মধ্যস্থতা কৰি অহা আৰু পিছত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্ব লাভ কৰা আৰ এন ৰবিৰ সৈতে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সংঘাত ২০১৯ত তীব্ৰতৰ হৈ উঠে ৷


আৰ এন ৰবিয়ে ২০১৫ত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰাৰ অভিযোগ তুলি NSCN(IM)য়ে ৰবিৰ সৈতে আলোচনাত নবহে বুলি ঘোষণা কৰিছিল। তাৰ পিছৰে পৰা ৰবিৰ সৈতে সংগঠনটোৰ কোনো আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হোৱা নাছিল। অৱশ্যে ইণ্টেলিজেন্স ব্যুৰ'ৰ বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰৰ জৰিয়তে চৰকাৰে NSCN(IM)ৰ সৈতে অনানুষ্ঠানিক আলোচনা অব্যাহত ৰাখিছিল ৷


শেহতীয়াকৈ আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই নি তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে ভাৰত চৰকাৰে ৷ নাগালেণ্ডৰ ৰাজ্যপাল পদৰ পৰা আঁতৰাই নিয়া আৰ এন ৰবিক এই পৰ্যন্ত নগা আলোচনা প্ৰক্ৰিয়াৰ মধ্যস্থতাকাৰী হিচাপে অব্যাহতি দিয়া নাই ভাৰত চৰকাৰে ৷


গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, ১৯৮৭ বৰ্ষৰ IPS তথা ইণ্টেলিজেন্স ব্যুৰ'ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক নগা সমস্যা সমাধানৰ আলোচনা প্ৰক্ৰিয়াৰ মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিব চৰকাৰে ৷

শেহতীয়া বাতৰি