• Home
  • »
  • News
  • »
  • dimapur
  • »
  • আহোম ৰজাৰ স্মৃতি বিজড়িত এখন ঐতিহাসিক নগা গাওঁ, ডেৰশ বছৰীয়া ইতিহাস সোঁৱৰিলে নগা যুৱক-যুৱতীয়ে 

আহোম ৰজাৰ স্মৃতি বিজড়িত এখন ঐতিহাসিক নগা গাওঁ, ডেৰশ বছৰীয়া ইতিহাস সোঁৱৰিলে নগা যুৱক-যুৱতীয়ে 

শিৱসাগৰ নগৰৰ পৰা যাত্ৰা কৰি আমেৰিকান মিছনেৰি ডব্লিউ ক্লাৰ্কে নাগালেণ্ডৰ মোককচাং জিলাৰ তিৰু নদীৰ কাষত নিশা কটাই পদব্ৰজে ঘন জংঘলৰ এটা দুৰ্গম গিৰিপথ অতিক্ৰম কৰি ১৮৭২ চনৰ ১৮ ডিচেম্বৰত উপস্থিত হৈছিল মুলুংকিমং নামৰ নগা বস্তিত।

শিৱসাগৰ নগৰৰ পৰা যাত্ৰা কৰি আমেৰিকান মিছনেৰি ডব্লিউ ক্লাৰ্কে নাগালেণ্ডৰ মোককচাং জিলাৰ তিৰু নদীৰ কাষত নিশা কটাই পদব্ৰজে ঘন জংঘলৰ এটা দুৰ্গম গিৰিপথ অতিক্ৰম কৰি ১৮৭২ চনৰ ১৮ ডিচেম্বৰত উপস্থিত হৈছিল মুলুংকিমং নামৰ নগা বস্তিত।

শিৱসাগৰ নগৰৰ পৰা যাত্ৰা কৰি আমেৰিকান মিছনেৰি ডব্লিউ ক্লাৰ্কে নাগালেণ্ডৰ মোককচাং জিলাৰ তিৰু নদীৰ কাষত নিশা কটাই পদব্ৰজে ঘন জংঘলৰ এটা দুৰ্গম গিৰিপথ অতিক্ৰম কৰি ১৮৭২ চনৰ ১৮ ডিচেম্বৰত উপস্থিত হৈছিল মুলুংকিমং নামৰ নগা বস্তিত।

  • Share this:
ডেৰশ বছৰীয়া ইতিহাস সজীৱ কৰিবলৈ চুবুৰীয়া নগা ৰাজ্যৰ যুৱক-যুৱতীসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ১৮৭২  চনত নগা ভূমিত খ্ৰীষ্টিয়ান মিছনেৰি ড° ই ডব্লিউ ক্লাৰ্কে প্ৰথমটো বাপ্টিষ্ট চাৰ্চ স্থাপন কৰিছিল। শিৱসাগৰ নগৰৰ পৰা যাত্ৰা কৰি আমেৰিকান মিছনেৰি ডব্লিউ ক্লাৰ্কে নাগালেণ্ডৰ মোককচাং জিলাৰ তিৰু নদীৰ কাষত নিশা কটাই পদব্ৰজে ঘন জংঘলৰ এটা দুৰ্গম গিৰিপথ অতিক্ৰম কৰি ১৮৭২ চনৰ ১৮ ডিচেম্বৰত উপস্থিত হৈছিল মুলুংকিমং নামৰ নগা বস্তিত। সেই বস্তিতে নাগালেণ্ডৰ আও জনগোষ্ঠীৰ প্ৰথমটো গীৰ্জা স্থাপন কৰিছিল ক্লাৰ্কে।

সেই সময়ত আমেৰিকান ধৰ্ম প্ৰচাৰক ডব্লিই ই ক্লাৰ্কক শিৱসাগৰৰ হালোৱাটিঙৰ গধুলাবাবু নামৰ অসমীয়া লোকজনে নগা বস্তিৰ চুপুঙমেৰন নামৰ এজন লোকৰ সৈতে যোগাযোগ কৰাই দিছিল। গাঁওখনত থকা ড° ডব্লিউ ই ক্লাৰ্কৰ স্মৃতি সৌধত অসমৰ গধুলাবাবুৰ প্ৰতিমুৰ্তি সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে মুলুংকিমং গাওঁবাসীয়ে।

ইয়াৰোপৰি তিৰু নদীৰ কাষৰ ঐতিহাসিক ক্ৰাচপুল নামৰ গিৰিপথটোৰ আছে আন এক পৰিচয়। আহোম ৰাজত্ব কালত এই পথটোৰে অসমৰ লগত বিনিময় প্ৰথা প্ৰচলিত আছিল চুবুৰীয়া নগাসকলৰ। সম্প্ৰতি পৰ্যটকসকলকৰ বাবে আকৰ্ষণীয় এই ঐতিহাসিক গিৰিপথটোৱেদি ডিমাপুৰস্থিত আও ব্যাপ্তিষ্ট যুৱ সমাজৰ উদ্যোগত যুৱক যুৱতীসকলে ডেৰশ বছৰীয়া ইতিহাস সুঁৱৰি তিৰু নদীৰ কাষৰ গিৰিপথেদি পদব্ৰজে মুলুঙকিমং নামৰ বস্তিখনৰ ঐতিহাসিক গীৰ্জাটোলৈ পদযাত্ৰা কৰি উপস্থিত হয়।

উল্লেখ যে, মুলুংকিমঙ গাঁওখনৰ সমীপৰ এটা পাহাৰত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ এখন বিমান USAAF AIRCRAFT F7A দুৰ্ঘটনাগ্ৰস্ত হৈ ১২ জন আমেৰিকান সৈনিকে মৃত্যুক আকোঁৱালি লৈছিল।এই দুৰ্ঘটনাস্থলীক নগালেণ্ড চৰকাৰে WORLD WAR 2ND HERITAGE SITE ৰূপে ঘোষণা কৰি পৰ্যটনস্থলী গঢ়ি তুলিছে।

মন কৰিব লগীয়া যে, মোককচাং জিলাৰ মুলুংকিমং বস্তিৰ নগা ৰাইজৰ সৈতে আহোম স্বৰ্গদেউসকলৰ আছিল এক সু-সম্পৰ্ক। আহোম ৰাজত্ব কালত ৰংঘৰৰ বাকৰিত সমবেত হোৱা নগা বস্তিৰ লোকসকলক আহোম ৰজাই এটা বলধ গৰু প্ৰদান কৰিছিল। ৰছী খুলি এৰি দিয়া বৃহদাকাৰ বলধ গৰুটো  মুলুংকিমং বস্তিৰ কেইজনমান ডেকাই ধৰিবলৈ সক্ষম হোৱাত স্বীকৃতিৰ চিন স্বৰূপে মুলুংকিমং বস্তিখনক আহোম ৰজাই ডেকাহাইমঙ অৰ্থাৎ শক্তিশালী ডেকাৰ গাঁও নামেৰে নামাকৰণ কৰিছিল।

মুলুংকিমং বস্তিৰ মুৱালিবা নামৰ ব্যক্তি জনে আহোম ৰজাই বস্তিখনৰ নাম ডেকাহাইমন নামেৰে স্বীকৃতি দিয়া কথা সাংবাদিকৰ আগত ক'বলৈ পাই বহুত সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে। আজিও নগা গাঁওখনৰ প্ৰৱেশ পথত থকা তোৰণকে ধৰি বিভিন্ন স্থানত আহোম ৰজাই প্ৰদান কৰা ডেকাহাইমং নামটো বিৰাজমান।মুলুংকিমং গাঁওবাসীয়ে আহোমৰজাৰ লগত থকা সম্পৰ্কৰ বিষয়ে গৌৰৱৰে আজিও স্মৰণ কৰি অসমৰ লগত সদায় সংঘাতৰ বিপৰীতে ভাতৃত্ববোধ আৰু সুসম্পৰ্ক বৰ্তাই ৰখাৰ বিষয়ে প্ৰকাশ কৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি