• Home
  • »
  • News
  • »
  • dimapur
  • »
  • ৰে'লত উঠি ডিমাপুৰৰ পৰা ৰঙিয়া পালে ৮ বছৰীয়া শিশু, উদ্ধাৰ আৰ পি এফৰ

ৰে'লত উঠি ডিমাপুৰৰ পৰা ৰঙিয়া পালে ৮ বছৰীয়া শিশু, উদ্ধাৰ আৰ পি এফৰ

এদিন পূৰ্বে সন্ধানহীন হৈছিল শিশুটো।

এদিন পূৰ্বে সন্ধানহীন হৈছিল শিশুটো।

এদিন পূৰ্বে সন্ধানহীন হৈছিল শিশুটো।

  • Share this:

    ডিমাপুৰৰ পৰা সন্ধানহীন হোৱা এটি শিশু উদ্ধাৰ হয় ৰঙিয়াত। ৰেলৱে আৰক্ষীয়ে ৰঙিয়া জংচনত উদ্ধাৰ কৰে এই শিশুটো । প্ৰায় ৮ বছৰীয়া শিশুটোৰ ঘৰ ডিমাপুৰৰ পেজেণ্ট আও ৰোডত। এদিন পূৰ্বে সন্ধানহীন হৈছিল শিশুটো। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ডিমাপুৰৰ পশ্চিম আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছিল। শনিবাৰে ৰঙিয়া জংচনত শিশুটোক টহলদাৰী আৰ পি এফে উদ্ধাৰ কৰে ।


    আৰ পি এফে ঘটনা সন্দৰ্ভত তদন্ত কৰে আৰু শিশুটো ডিমাপুৰৰ পৰা ৰে'লযোগে অহা বুলি নিশ্চিত হয় । আৰপিএফে লগে লগে ডিমাপুৰৰ পশ্চিম আৰক্ষী থানাৰ লগত যোগাযোগ কৰি নিশ্চিত হোৱাৰ পিছত শিশুটোক চাইল্ড লাইনৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে শিশুটো অবধ অসম এক্সপ্ৰেছযোগে অহা বুলি সদৰী কৰে। ডিমাপুৰৰ পৰা শিশুটো কেনেদৰে ৰঙিয়ালৈ আহিল সেই সন্দৰ্ভত ৰে'ল সুৰক্ষা বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে।

    Published by:Gautam Barman
    First published:

    শেহতীয়া বাতৰি