মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ ডিব্ৰুগড়ৰৰ দুই খেলুৱৈ নিৰ্বাচিত

Dibrugarh News: আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ ডিব্ৰুগড়ৰৰ দুই খেলুৱৈ নিৰ্বাচিত

২০২৩ বৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ ডিব্ৰুগড়ৰৰ দুই যুৱক নিৰ্বাচিত

২০২৩ বৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ ডিব্ৰুগড়ৰৰ দুই যুৱক নিৰ্বাচিত

নেপালৰ পোখৰাৰ ৰাংচিলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "ইণ্ডো নেপাল ইউথ গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বীপ ২০২৩" ৷ এই প্ৰতিযোগিতাত অসম দলৰ হৈ খেলিবলৈ সুযোগ পোৱা টেঙাখাতৰ নন্দনবন পাৰ্বতীপুৰ চাহ বাগিচাৰ নিপুল খালখ আৰু বচাপথাৰ গাঁৱৰ বাবানু ওৰাঙক সম্বৰ্দ্ধনা ৷

  • Share this:
ডিব্ৰুগড়, ১ এপ্ৰিল: টেঙাখাতৰ নন্দনবন পাৰ্বতীপুৰ চাহ বাগিচাৰ নিপুল খালখ আৰু বচাপথাৰ গাঁৱৰ বাবানু ওৰাং নেপালৰ ইউথ এণ্ড স্পৰ্ট ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যনে অনুষ্ঠিত কৰা হেণ্ডবল প্ৰতিযোগিতাত অসমৰ হৈ খেলিবলৈ নিৰ্বাচিত হৈছে ৷

নেপালৰ পোখৰাৰ ৰাংচিলা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "ইণ্ডো নেপাল ইউথ গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বীপ ২০২৩" ৷ এই প্ৰতিযোগিতাত দুয়োৱে অসম দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে । শনিবাৰে আটছা টেঙাখাত শাখাৰ উদ্যোগত দুয়োজন উদীয়মান যুৱ খেলুৱৈক বিশেষ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয় ।

টেঙাখাত আটছা শাখাৰ সভাপতি তিলক খালখ, ভাৰপ্ৰাপ্ত সম্পাদক ৰবাৰ্ট ভূঞা, আটছাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি ৰাজেন কুমাৰ, শিক্ষক জিতুল গগৈ, যোগেশ ওৰাওঁ, মণ্টু মিঞ্জ, কুডুখ ওৰাওঁ, সংঘৰ নেতা গুনিৰাম ওৰাওঁ, বেনুকা টপ্ন, কমলা মিঞ্জ, বিমল ওৰাং আদিৰ লগতে বহু শুভাকাংক্ষী আৰু স্থানীয় ৰাইজে দুয়োজন খেলুৱৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি