সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি অসমীয়াৰ ৷ ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি। ব্যস্ত হৈ পৰিছে ঢুলীয়া-নাচনী। ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তত এতিয়া বিহুৰ আখৰা।
ব্যস্ত হৈ পৰিছে গাঁৱৰ চহা কৃষক সকল। ডিব্ৰুগড় জিলাৰ টেঙাখাততো পূৰ্ণ গতিত আৰম্ভ হৈছে বিহুৰ আখৰা। টেঙাখাত কলা নিকেতন আৰু কল্পদ্রুম গোষ্ঠীৰ উদ্যোগত ১০ দিনীয়াকৈ জনপ্ৰিয় বিহুৱা দল ‘‘জোনবিৰি’’ দলে প্ৰদান কৰিছে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ।
য'ত অনুষ্ঠান পৰিচালনা কৰিছে নবীন সোণোৱালে। উক্ত কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণকাৰীসকলৰ অভিভাৱকসকলো উৎফুল্লিত হৈ পৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 24, 2023, 22:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।