মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »ডাষ্টবিনত পৰিণত জলসিঞ্চন বিভাগৰ কোটিটকীয়া পানী যোগান আঁচনি

ডাষ্টবিনত পৰিণত জলসিঞ্চন বিভাগৰ কোটিটকীয়া পানী যোগান আঁচনি

পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনতেই আৰম্ভ হোৱা নাহৰকটীয়া উপ-সংমণ্ডলৰ অধীনৰ টেঙাখাতস্থিত বহু কোটিটকীয়া এই জলসিঞ্চন প্ৰকল্পৰ  নলাসমূহ এতিয়া চিন মোকাম‌ নোহোৱাৰ পথত । বুঢ়ীদিহিঙৰ ভেকুলাজান বালিঘাটৰ পৰা সংলগ্ন কৰি টেঙাখাতৰ বিভিন্ন খেতি পথাৰলৈ পানী যোগান ধৰাৰ‌ বাবে যি নলা তৈয়াৰ কৰা হৈছিল ‌এতিয়া উক্ত নলা গছ বনেৰে ভৰি পৰিছে ৷ 

  • Share this:
ডিব্ৰুগড়, ৩০ মাৰ্চ: ডিব্ৰুগড় জিলাৰ টেঙাখাত বহু কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি এতিয়া ডাষ্টবিনত পৰিণত হৈছে । চৰকাৰ গ'ল, চৰকাৰ আহিল ৷ সংস্কাৰ কিন্তু নহ'ল জলসিঞ্চন বিভাগৰ ।

পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিনতেই আৰম্ভ হোৱা নাহৰকটীয়া উপ-সংমণ্ডলৰ অধীনৰ টেঙাখাতস্থিত বহু কোটিটকীয়া এই জলসিঞ্চন প্ৰকল্পৰ নলাসমূহ এতিয়া চিন মোকাম‌ নোহোৱাৰ পথত । বুঢ়ীদিহিঙৰ ভেকুলাজান বালিঘাটৰ পৰা সংলগ্ন কৰি টেঙাখাতৰ বিভিন্ন খেতি পথাৰলৈ পানী যোগান ধৰাৰ‌ বাবে যি নলা তৈয়াৰ কৰা হৈছিল ‌এতিয়া উক্ত নলা গছ বনেৰে ভৰি পৰিছে ৷ কানসাৰ নাই জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ ।

প্ৰত্যেক বছৰেই এই নলাসমূহ মেৰামতিৰ নামত লাখ লাখ টকাৰ নিবিদা দিয়া হয় কিন্তু ৰাইজৰ খেতি পথাৰলৈ নাযায় পানী । ৰাইজে আশা কৰিছিল বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আঁচনিখন সফল ৰূপায়ন কৰিব ৷ কিন্তু জলসিঞ্চন বিভাগ কিম্বা স্থানীয় বিধায়ক তেৰছ গোৱালাইও আজিলৈকে এই একো‌ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে ডিব্ৰুগড়ৰ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ত বহি বুজ লৈ উভতি যোৱাৰ আজি পৰ্যন্ত আঁচনিখন সফল ৰূপায়নৰ বাবে পদক্ষেপ লোৱা দেখা নগ'ল‌ । কেৱল টেঙাখাতেই নহয় ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত এনে বহু আঁচনি খন কেৱল কাগজে পত্ৰই হে আছে ৷

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি