মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »ৰহমৰীয়াৰ ঐতিহাসিক আধ্যত্মিক স্থলী "কুন্দা আতা থান": ভক্তৰ মনোকামনা পূৰণৰ বিশ্বাসী স্থান 

ৰহমৰীয়াৰ ঐতিহাসিক আধ্যত্মিক স্থলী "কুন্দা আতা থান": ভক্তৰ মনোকামনা পূৰণৰ বিশ্বাসী স্থান 

Kunda Ata Than at Rohmoria

Kunda Ata Than at Rohmoria

মায়ামৰা বগৰিতলীয়া সত্ৰৰ দ্বিতীয়জন অধিকাৰ, আধ্যাত্মিক গুৰু, লাইমন ওৰফে ৰমানন্দ, ওৰফে পৰ্বতীয়া ওৰফে কুন্দাৰ আতা। (চাৰিটি নাম : লাইমন, পৰ্বতীয়া, ৰমানন্দ, কুন্দাৰ আতা) যোৰহাটৰ খুটিয়াপোতা (মূল বিষ্ণুবালিকুঞ্চি>নাহৰআটী খুটিয়াপোতা) সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ পৰিনাতি অস্তভূজদেৱৰ পুত্ৰ সপ্তভূজ ওৰফে গাগিনী ডেকা গোসাঁইৰ পুত্ৰ কুন্দাৰ আতা।

  • Share this:
ৰক্তিম দাস, ডিব্ৰুগড় : ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ এক ঐতিহাসিক আধ্যাত্মিকস্থলী 'কুন্দা আতা থান\" । ভক্তপ্ৰাণ ৰাইজৰ মনোকামনা পূৰণৰ বিশ্বাসী স্থলী এই থান । মায়ামৰা বগৰীতলীয়া সত্ৰৰ দ্বিতীয়গৰাকী অধিকাৰ তথা আধ্যাত্মিক গুৰু লাইমন ওৰফে ৰমানন্দ ওৰফে পৰ্বতীয়া ওৰফে কুন্দাৰ আতা । যোৰহাটৰ খুটিয়াপোতা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ পৰিনাতি অস্তভূজদেৱৰ পুত্ৰ সপ্তভূজ ওৰফে গাগিনী ডেকা গোসাঁইৰ পুত্ৰ কুন্দাৰ আতা । যাৰ জন্মৰ চন তাৰিখ জনা নাযায় ।
কুন্দা আতা থান কি ?
সিদ্ধপুৰুষ কুন্দা আতাৰৰ ঐতিহ্যমণ্ডিত, মহিমামণ্ডিত, পৱিত্র সমাধি ক্ষেত্র হ'ল কুন্দা আতা থান ।
অৱস্থান : গাঁও গেনিচুক, মৌজা ৰহৰীয়া, জিলা ডিব্ৰুগড়, অসম।
চাৰিসীমা : উত্তৰে ৰঙাগড়া তামুলী আলি গড়কাপ্তানি পথ আৰু আগ্রাসিত ব্ৰহ্মপুত্র নদী । দক্ষিণে ৰহমৰীয়া গাঁও, বিলঙনী আৰু থানাই চাহ বাগিচা ৷ পূবে বগৰ্তিলীয়া গাঁও আৰু বগৰিতলীয়া সত্ৰ । পশ্চিমে নিজ ৰহমৰীয়া গাঁও আৰু ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।
উল্লেখ্যে যে গুৰুজনাৰ সমাধিক্ষেত্রখন বহুদিন ধৰি ডাঠ হাবি-জংঘলেৰে ভৰি পৰিছিল ৷ আজিৰ পৰা অনুমানিক ডেঢ়শ বছৰমান আগৰ পৰাই বিভিন্ন কাৰণত কুন্দা আতা সমাধিক্ষেত্র জাগ্ৰত বুলি জনমানসত বিশ্বাসৰ আছিল ৷ এই বিশ্বাসৰ কাৰণ হিচাবে কেতবোৰ অলৌকিক পৰিঘটনা সেইবিলাক এনেধৰণৰ-
(১) ৰহমৰীয়া গেনিচুক, হাঁহৰিয়াল আদিৰ লোকসকলে প্রধান পথ তামুলী আলিলৈ ওলাই যাওঁতে কুন্দা আতাৰ সমাধি ক্ষেত্ৰৰ কাষেদি পাৰ হৈ যাব লাগে । সন্ধিয়া বা গধূলি পাৰ হৈ যাওঁতে হাবিৰ মাজত বস্তি জ্বলি থকা দেখা পায় । টৌ-বাতিৰ শব্দও শুনা পায় বুলি বহু লোকে কয় ।২) কোনো নির্দিষ্ট দিনত ৰাতি কেতিয়াবা ওচৰৰ গাঁৱৰ কোনো কোনোৱে সেই হাবিডৰাৰ পৰা গায়ন-বায়নৰ শব্দ ভাহি আহে বুলিও কয় ৷৩) কোনো ব্যক্তি নৰিয়াত পৰিলে পৰিয়ালৰ লোকে সপোনতে উপদেশ বা আদেশ পাই কুন্দা আতাৰ সমাধিত বন্তি এগচি দিলে ৰোগগৰাকী আৰোগ্য হয় বুলি এক বিশ্বাস আছে ৷

পৰৱৰ্তীকালত কুন্দা আতাৰ আশীৰ্বাদপুষ্ট আৰু গভীৰ বিশ্বাস থকা বিভিন্নজনে ব্যক্ত কৰা উপকাৰসমূহ এনেধৰণৰ-অচিন ব্যাধিৰ পৰা আৰোগ্য হোৱা, নিঃসন্তান দম্পতীৰ সন্তান হোৱা, পুত্র সন্তান বিচৰাসকলে পুত্র সন্তান লাভ কৰা, ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত কৃতকার্যতা লাভ কৰা, চাকৰিৰ বাবে দিয়া সাক্ষাৎকাৰত সফল হোৱা, পৰিয়ালৰ অপায়-অমংগল আৰু বিপদ-বিঘিনিৰ পৰা মুক্তি পোৱা ইত্যাদি ।

বিপৰীতে, কুন্দা আতাৰ সমাধিৰ প্ৰতি কোনোবাই অৱহেলা, অৱমাননা কৰিলে, থানৰ প্ৰসাদ আদি অপৰিষ্কাৰ ঠাইত পেলালে, কোনো সম্পদ চুৰি কৰিলে গুৰুজনাৰ অভিশাপ লাগি বহু দুখ-কষ্ট ভুগিবলগীয়া হোৱা ব্যক্তিৰ কাহিনীও বহুত শুনা যায় । হাবি-জংঘলেৰে ভৰা কোনোধৰণৰ সুবিধা নথকা কুন্দা আতা থানে ১৯৮৫/৮৬ চনৰ পৰাহে উন্নয়নৰ মুখ দেখিলে।

কেইগৰাকীমান ধর্মপ্রাণ, প্রকৃত সমাজ হিতৈষী উদ্যমী লোকে ‘কুন্দা আতা থান উন্নয়ণ সমিতি' গঠন কৰি বিভিন্ন ঠাইৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি থানখনৰ পূৰ্বৰ পৰিৱেশৰ অৱসান ঘটালে । অতি সুন্দৰ বৃহৎ থানঘৰ, ভোজঘৰ, আলহীৰঘৰ, সভাঘৰ, কাৰ্যালয়, বাটচ'ৰা, তোৰণ, ঔষধনাদ গৃহ, প্ৰসাৱগাৰ, ভিতৰুৱা পদপথ আদি নিমাৰ্ণ কৰি এখন আটকধুনীয়া উন্নত থান ভক্তপ্ৰাণ সমাজক অৰ্পণ কৰিলে ।বছৰৰ জানুৱাৰী পৰা এপ্ৰিল মাহলৈকে অগণন ভক্তই আহি ভিৰ কৰেহি কুন্দা আতা থানত । মায়ামৰা সমাজৰ এই ধাৰ্মিক স্থান বৰ্তমান এক জনবিশ্বাসী আধ্যাত্মিক ঠাই হিচাবে পৰিগণিত হৈ পৰিছে ।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি