মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »কটকটীয়া নিৰাপত্তাৰে কাইলৈৰ পৰা ডিব্ৰুগড়ত G 20 সন্মিলন

কটকটীয়া নিৰাপত্তাৰে কাইলৈৰ পৰা ডিব্ৰুগড়ত G 20 সন্মিলন

২৪ মাৰ্চ আৰু ২৫ মাৰ্চত  অনুষ্ঠিত হ'বলগীয়া এই জি-২০ বৈঠকৰ বাবে আজি ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰত ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্ৰ আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি সহ মুঠ ১০৩ গৰাকী প্ৰতিনিধি উপস্থিত হয় ।

  • Share this:
ৰূপম ফুকন, ডিব্ৰুগড়: ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে প্ৰস্তুতিৰ সম্পূৰ্ণ হৈ উঠিছে ।

কাইলৈ, অৰ্থাৎ ২৪ মাৰ্চ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া এই জি-২০ বৈঠকৰ বাবে আজি ডিব্ৰুগড় জিলাৰ মোহনবাৰী বিমানবন্দৰত ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্ৰ আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি সহ মুঠ ১০৩ গৰাকী প্ৰতিনিধি উপস্থিত হয়।

উক্ত প্ৰতিনিধিসকলক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা অসমৰ বিভিন্ন কলা সংস্কৃতি, আলোক নৃত্যৰে আদৰণি জনোৱা হয়। ডিব্ৰুগড়ৰ মাজমজিয়াত অৱস্থিত বিলাসী  "মনোহাৰী ৰিৰ্জ'ট"ত পুৱাৰ পৰা সন্ধিয়ালৈকে জি-২০ অনুষ্ঠান অনুষ্ঠিত হ'ব।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ গোটৰ "Research and innovation initiative" আৰু "আৰ আই জি ছাইড ইভেন্ট" বৈঠক অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ইউৰোপীয় সংঘৰ উপৰিও ১৯ খন সদস্য ৰাষ্ট্ৰ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

দুদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক জিলা প্ৰশাসনৰ নিৰাপত্তাৰে জিলাৰ চাৰিটা স্থান ক্ৰমে মনোহাৰী ৰিৰ্জ'ট দ্য টি ৰিৰ্ট্ৰিট, সৰোভাৰ পৰ্টিকো, হোটেল ৰাজ মেৰিডিয়ান আৰু কনভয় হোটেলত থকাৰ ব্যৱস্থা কৰিছে।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি