ৰক্তিম দাস, ডিব্ৰুগড়: দুই শতাধিক বৰ্ষৰ পূৰ্বে উজনিৰ সৌমাৰখণ্ডত এক সংগ্ৰামী সত্তাৰ অধিকাৰী, পৰাক্ৰমী, সুদক্ষ মটক ৰজা সৰ্বানন্দ সিংহই ৰাজত্ব কৰিছিল । ১৭৮৮ খ্ৰীঃৰপৰা ১৮০৫ খ্ৰীঃলৈকে তেওঁ সুখ্যাতিৰে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল । স্বৰ্গদেউ সর্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম আছিল ‘বেংমৰা মটক ৰাজ্য' ।
সৰ্বানন্দ সিংহৰ পিতৃপ্রদত্ত নাম আছিল মেজেৰা । তেওঁৰ পিতৃৰ নাম আছিল মৰুৎনন্দন । কেঁচুৱা বয়সতে মেজেৰাৰ মাতৃৰ বিয়োগ হৈছিল । সেয়েহে মাতৃহীন মেজেৰাক পিতৃ মৰুৎনন্দনে সকলো সময়তে লগত লৈ ফুৰিবলগীয়া হৈছিল । ৰাজেশ্বৰ সিংহৰ দিনত (১৯৬১-১৭৬৯) মৰুৎনন্দনে এবাৰ মেজেৰাক বোকোচাত লৈ পুখুৰী খান্দি থাকোঁতে ৰজাই দেখি মৰুৎনন্দক কামৰ পৰা অব্যাহতি প্ৰদান কৰিছিল । মেজেৰাৰ মাতৃৰ নাম আছিল পাতেয় ।
মাতৃহীন মেজেৰা পিতৃৰ লালন-পালনত লাহে লাহে ডেকা হ'ল । ডেকা হোৱাৰ পাছত দেউতাকে মেজেৰাক সুৰসেনৰ জীয়েক সুলভীৰ সৈতে বিয়া পাতি দিয়ে । মেজেৰা অতি ধৰ্মপৰায়ণ ব্যক্তি আছিল । তেওঁ অষ্টভূজ গোঁসাইৰ ওচৰত শৰণ লৈছিল । গোঁসাই অষ্টভূজে আশীর্বাদ প্রদান কৰি মেজেৰাক কৈছিল—“সর্বলোক পালিবেক দুখ কৰি অন্ত এতেকেহে দিলো গুৰু নাম ‘সৰ্বানন্দ’ ।”
আহোম ৰজা লক্ষীনাথ সিংহই সিংহাসন পুনৰ উদ্ধাৰ কৰাৰ পাছতে মটক-মৰাণসকলক ধৰি আনি বন্দী কৰি সবংশে হত্যা কৰিবলৈ আদেশ প্রদান কৰিছিল । সেই আদেশ অনুসাৰে অনেক মটক-মৰাণ লোকক নিৰ্বিচাৰে হত্যা কৰা হৈছিল আৰু আন বহু মটক-মৰাণ লোকক বন্দী কৰি ৰখা হৈছিল ।
সেই সময়ত মেজেৰাও অন্যান্য বীৰসকলৰ লগত বন্দী হৈছিল আৰু ৰংদৈ নামৰ ঠাইত তেখেতক বন্দী কৰি ৰাখিছিল । বন্দিত্বৰ কালছোৱাত ৰজাঘৰীয়া বাহিনীয়ে বৃদ্ধ-মহিলা-শিশু নির্বিশেষ বন্দীসকলক অতি অমানৱীয়ভাৱে কৰা অত্যাচাৰ সৰ্বানন্দ সিংহই নিজ চকুৰে দেখিছিল ।
সেয়েহে তেওঁ তেনে অমানৱীয় আৰু অগণতান্ত্রিক শাসনৰ পৰা ৰাইজক পৰিত্ৰাণ দি এক সুস্থ শাসন প্রদান কৰাৰ মন বান্ধি ৰজাৰ প্ৰহৰীৰ চকুত ধূলি মাৰি বন্দীশালৰ পৰা পলাই গৈছিল । তাৰ পাছত সৰ্বানন্দ সিংহই হৰিবৰ তাঁতীৰ সৈতে যোগ দিয়ে। সর্বানন্দ সিংহ প্ৰচুৰ সাংগঠনিক দক্ষতাৰ গৰাকী আছিল। তেওঁ অক্লান্ত পৰিশ্ৰম কৰি সিঁচৰতি হৈ থকা বিদ্রোহীসকলক মনোবল প্ৰদান কৰি পুনৰ সুসংগঠিত কৰিলে।
সর্বানন্দ সিংহই প্রজা বাহিনীক সুসংগঠিত কৰি গেৰিলা ৰণ-কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰি অতি বীৰত্বেৰে বিপ্লৱৰ সূচনা কৰি ৰাজশক্তি ওফৰাই দিয়ে। গৌৰীনাথ সিংহই ৰাজ্যৰ সিংহাসন এৰি গুৱাহাটীলৈ পলাই যাবলৈ বাধ্য হ'ল। ফৰাচী বিপ্লৱতকৈ (১৭৮৬) সোতৰ বছৰ পূৰ্বেই অশিক্ষিত প্ৰজা বাহিনীক সংগঠিত কৰি অন্যান্যসকলৰ লগতে সৰ্বানন্দ সিংহৰ নেতৃত্বত এইদৰে অসমৰ প্রজাসাধাৰণে প্ৰথম শোষণ-নিষ্পেষণ আৰু বৈষম্যৰ বিৰুদ্ধে বিপ্লৱৰ সূচনা কৰি ৰাজশক্তি ওফৰাই দি নতুন ইতিহাস ৰচনা কৰিছিল ।
বিদ্রোহী প্রজা বাহিনীয়ে আহোম ৰাজসিংহাসন দখল কৰাৰ পাছত প্ৰজা বাহিনীয়ে ভৰত সিংহক ৰজা পাতে। তাৰ পাছত সৰ্বানন্দ সিংহই নিজ অঞ্চল বেংমৰালৈ উভতি আহে। বেংমৰাৰ প্রজাসাধাৰণে সৰ্বানন্দ সিংহক তেওঁলোকৰ শাসক হিচাপে নিৰ্বাচিত কৰে। সৰ্বানন্দ সিংহ ৰজা হৈ সমসাময়িক আন ৰজাসকলৰ দৰে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰে। সৰ্বানন্দ সিংহই ৰজা হৈ নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্ৰা মৰোৱাইছিল। আঠচুকীয়া মুদ্ৰাৰ এপিঠিত লিখা আছিল 'শ্ৰীশ্ৰীস্বৰ্গদেউ সৰ্বানন্দ সিংহ নাৰেন্দ্ৰস্য' শাকে ১৭১৬।
মুদ্ৰাৰ ইপিঠিত লিখা আছিল ‘শ্রীশ্রীকৃষ্ণ পাদপদ্ম দ্বন্দ / মকৰন্দ- বৃন্দ মধুকস্যা। মুদ্রাসমূহ এটকীয়া, আধলি, আদমহীয়া আৰু চৰতীয়া আছিল বুলি তথ্য পোৱা যায়। সর্বানন্দ সিংহ স্বাধীনতাপ্রিয়, অধ্যৱসায়ী, পৰিশ্ৰমী, দূৰদৰ্শী, সাংগঠনিক তথা সৃজনীশীল প্ৰতিভাৰ গৰাকী আছিল । আধুনিক তিনিচুকীয়া নগৰৰ আদি প্ৰতিষ্ঠাপক এই মহান ৰজাগৰাকী আছিল উচ্চ চিন্তা আৰু সৰল জীৱন-যাপনত বিশ্বাসী।
সর্বানন্দ সিংহই প্ৰথমে ৰজা হৈ বৰ্তমানৰ তিনিচুকীয়াৰ পৰা দহ কিলোমিটাৰ উত্তৰে ৰঙাগড়াত ১৭৮৮ খ্ৰীঃত ৰাজধানী স্থাপন কৰিছিল যদিও পাছত ১৭৯১ খ্ৰীঃত বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়াত ৰাজধানী পাতিছিল।‘বেংমৰা’ তাইমূলীয় শব্দ। তাই পণ্ডিতসকলৰ মতে বেংমৰা শব্দই মটক-মৰাণসকলৰ আদি বাসস্থানক বুজায় (তাই ভাষাত বেং = আবাসিক অঞ্চল, মৰা = মটক-মৰাণ)। বৰ্তমান তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় থকা স্থানতেই তদানীন্তন বেংমৰা ৰাজ্যৰ ৰাজদৰবাৰ তথা ৰাজপ্ৰসাদ আছিল ।
এই ৰাজদৰবাৰ আৰু ৰাজপ্ৰসাদৰ চাৰিওফালে ওখ ওখ গড় আছিল। ঊনৈশ শতিকাৰ ব্ৰিটিছ নথিসমূহত তদানীন্তন বেংমৰা ৰাজ্যৰ চাৰিসীমাৰ বিষয়ে সুন্দৰ তথ্য পোৱা যায়। পেম্বাৰটন চাহাবৰ Report on the North- East Frontier of British India নামৰ প্ৰতিবেদন অনুসৰি মটক ৰাজ্যৰ উত্তৰ আৰু পশ্চিমত আছিল ব্ৰহ্মপুত্ৰ নদী, দক্ষিণত বুঢ়ীদিহিং নদী আৰু পূবত দিহিং নদীৰ পৰা কুণ্ডিল নলাৰ মুখলৈকে দীঘলকৈ ৰেখা টানিলে, যি সীমা পোৱা যায়, সেয়ে আছিল ইয়াৰ পূব সীমা। পেম্বাটন চাহাবে দেখুওৱা এই সীমাকে হেনে, ৰবিন্স, মিলচ, মেক্কোছ আদি ইংৰাজ বিষয়াসকলে সমর্থন কৰিছিল।
The Imperial Gazetter of India, Eastrn Bengal and Assam টো মটক ৰাজ্যৰ সীমাৰ বিষয়ে উল্লেখ পোৱা যায়। এই গেজেটিয়াৰৰ তথ্যানুসাৰে ন-দিহিং, ব্ৰহ্মপুত্ৰ আৰু দক্ষিণৰ পৰ্বতমালাৰ মাজত অৱস্থিত ভূখণ্ড অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণত অৱস্থিত অবিভক্ত লখিমপুৰ জিলাৰ ভূভাগেই আছিল মটক ৰাজ্য। পেম্বাৰ্টনৰ প্ৰতিবেদনত মটক ৰাজ্যৰ মাটিকালি ১,৮০০ বর্গমাইল অর্থাৎ ১১,৫২,০০০ একৰ বুলি উল্লেখ আছে। মেকেঞ্জিৰ প্ৰতিবেদনেও এই তথ্যকেই সমৰ্থন কৰিছে। সৰ্বানন্দ সিংহই বেংমৰা অৰ্থাৎ বৰ্তমানৰ তিনিচুকীয়াত ৰাজধানী স্থাপন কৰি ৰাজ্যখনৰ লগতে ৰাজধানী নগৰখনৰ পৰিকল্পিত উন্নয়নৰ লগতে প্ৰজাৰ কল্যাণৰ অৰ্থে বিভিন্ন জনকল্যাণমূলক কাম-কাজ ৰূপায়ণ কৰিছিল।
তাৰ ভিতৰতে ৰাজ্যখনৰ আন ঠাইসমূহৰ সৈতে ৰাজধানী নগৰৰ যোগাযোগ প্ৰতিৰক্ষা আৰু যাতায়াতৰ সুবিধার্থে বিভিন্ন আলি নিৰ্মাণ কৰোৱাইছিল।সেইসমূহ হৈছে,ন- আলি,গোধা আলি,হাতী আলি আদি ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া হৈ ছৈখোৱালৈকে বৰ্তমানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইছোৱা পথো সৰ্বানন্দ সিংহৰ শাসনকালতেই বন্ধোৱা হৈছিল ।
বেংমৰা পুখুৰী,তিনিকোণীয়া পুখুৰী ,দেৱী পুখুৰী,চাউলধোৱা পুখুৰী আদি জলসিঞ্চন তথা মৎস্য পালনৰ বাবে ৰাজধানীৰ ভিতৰে বাহিৰে মুঠ ২৪ টা পুখুৰী খন্দোৱাছিল।এই প্ৰজাৰঞ্জক ৰজাজনা ১৭৯৯ চন মানৰ পৰা অসুস্থ হৈ শয্যাশায়ী হৈ পৰাত তেঁওৰ বৰপুত্ৰ মাটিবৰৰ যোগেদি ৰাজ্য চলাইছিল আৰু ১৮০৫ চনত এই ৰজাগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে।
মহান মটক মহাৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২১ সংখ্যক তিৰোভাৱ তিথি ইতিমধ্যে মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে । (বিশিষ্ট লেখক ফটিক চন্দ্ৰ নেওগৰ বিভিন্ন লেখনি আৰু কিতাপৰ পৰা তথ্য সমূহ যুগুত কৰা হৈছে)
তোমাৰ চহৰৰ পৰা(Dibrugarh)
Published by: Gautam Barman
FIRST PUBLISHED : May 25, 2023, 16:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।