বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ডিব্ৰুগড় / Assamese Food: পইতা ভাতৰ জল, তিনি পুৰুষৰ বল…অসমীয়া সমাজৰ থলুৱা খাদ্য পঁইতাভাতৰ উপকাৰিতা জানেনে ?

Assamese Food: পইতা ভাতৰ জল, তিনি পুৰুষৰ বল…অসমীয়া সমাজৰ থলুৱা খাদ্য পঁইতাভাতৰ উপকাৰিতা জানেনে ?

Poita Bhat : The traditional Assamese food

Poita Bhat : The traditional Assamese food

পঁইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয় । গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পায় কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয় । জানেনে পইতা ভাতৰ আৰু কি কি উপকাৰিতা আছে ?

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ৰক্তিম দাস, ডিব্ৰুগড়: অসমীয়া লোকৰ প্ৰধান খাদ্য হৈছে ভাত । ভাত খায়েই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে জীৱন নিৰ্বাহ কৰি আহিছে । অসমৰ লোকসকলৰ খাদ্য অনিষ্ট নকৰাৰ এটা ভাল নিয়ম আছে।

পৰিয়ালৰ সদস্যসকলে পৰিমাণ অনুসাৰে খাদ্য খোৱাৰ পিছত যদি খাদ্য থাকি যায়, তেতিয়া সেই খাদ্যসমূহ পেলাই নিদি পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ৰেচিপি তৈয়াৰ কৰি খোৱাৰ নিয়ম অতীজৰে পৰা আছে । অসমীয়া লোকসকলৰ প্ৰধান খাদ্য যিহেতু ভাত, সেয়ে ভাত যদি ৰৈ যায়, তেতিয়া সেই ৰৈ যোৱা ভাতখিনিত ঠাণ্ডা পানী দি পুৱা খাবলৈ থৈ দিয়ে।

বিজ্ঞাপন

পুৱা বিভিন্ন পিটিকাৰ সৈতে খোৱা সেই খাদ্যখিনিয়েই হৈছে পঁইতা ভাত। পঁইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পায়, কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয়।

এই ভাতৰ লগত বিভিন্ন পোৰা, পিটিকা, আচাৰ, খৰিচা, ভাজি, নেমু টেঙা আদি লৈ খোৱা হয়। পইতা ভাত আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী—

১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয় ।

২। এই ভাতত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলোখিনি উপদানেই থাকে। এই ভাতক প্ৰায় ১২ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে । তাৰ উপৰি শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন— B উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰনৰ মাত্ৰাও বৃদ্ধি হয়।

বিজ্ঞাপন

৩। পঁইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।

৪। পঁইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক এচিডে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।

৫। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে ।

৬। পঁইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱো নপৰে ।

৭। পঁইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।

বিজ্ঞাপন

৮। এই ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে ।

৯। কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পঁইতা ভাত অতি উপকাৰী । কাৰণ প্ৰতি 100 গ্ৰাম পইতা ভাতত 850 মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত 29 মিলিগ্ৰামহে থাকে ।

১০। এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগী সকলৰ বাবে অতিকৈ উপকাৰী ।

১১। পঁইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয় ।

বিজ্ঞাপন

১২। এই ভাত খালে পেট খোলোচা হোৱাৰ লগতে পেটৰ নানান সমস্যাসমূহো দূৰ হয় ।

এনেদৰেই অসমীয়া লোকসকলে পঁইতা ভাত খায় । পুৱা আহাৰ হিচাবে গ্ৰহণ কৰা এই পঁইতা ভাত প্ৰস্তুত কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন নহয় । ই সময় বচোৱাৰ এক উত্তম উপায় । অন্যহাতে, পঁইতাভাত এক শক্তিবৰ্ধক খাদ্য হিচাপে পৰিগণত হৈ আহিছে ৷

বিজ্ঞাপন

লগতে পঢ়কঃ  এৰী পলুুৰ সোৱাদ ল’ব খোজে নেকি? জানক ইয়াৰ ৰন্ধনশৈলী

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Food18
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন