মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: ডিব্ৰুগড় জিলাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া

Dibrugarh News: ডিব্ৰুগড় জিলাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া

X
ডিব্ৰুগড় //

ডিব্ৰুগড় জিলাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া

ডিব্ৰুগড় জিলাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক লৈ প্ৰতিক্ৰিয়া । ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ ৰংচঙী গাওঁ পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়াত বিশাল ৰাজহুৱা সভা ।

  • Share this:
ডিব্ৰুগড়,২৫ মাৰ্চ: দুলিয়াজান বিধানসভা সমষ্টিৰ ৰংচঙী গাওঁ পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে আজি পাখৰীজনীয়াত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা । ডিব্ৰুগড় জিলাৰ ১১৮ নং দুলিয়াজান বিধানসভা সমষ্টিৰ ৰংচঙী গাওঁ পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে আজি পাখৰীজনীয়া গাঁৱৰ " মুকুল ফুকন " ৰঙ্গমঞ্চত অনুষ্ঠিত হয় এই সভা ।

অঞ্চলটোৰ বহু সংখ্যক ৰাইজ তথা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ ফুকনে । আহ্বায়ক দ্বীপনজ্যোতি ফুকন আৰু ত্ৰৈলোক্য গগৈয়ে আঁতধৰা সভাখনিত - অৱসৰপ্ৰাপ্ত শিক্ষক লীলাম্বৰ গগৈ, সদানন্দ গগৈ, ৰংচঙী গাও পঞ্চায়তৰ সভাপতি জিন্তু বৰা, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজেন গগৈ, সমাজকৰ্মী দ্বীবন ফুকন, প্ৰাক্তন ছাত্ৰ নেতা কুচেব দুৱৰা, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি গৌতম গগৈ, ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক ৰূপম গগৈ, অগপৰ নেতা হিৰণ্য সোণোৱাল আদিয়ে বক্তব্য ৰখাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে ৰংচঙী গাও পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতাৰে অংশগ্ৰহণ কৰে ।

উক্ত সভাতে "ৰংচঙী গাওঁ পঞ্চায়তক ১১৮ নং দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ স্বাক্ষৰ সম্বলিত আবেদন উৰ্ধতম কৰ্তৃপক্ষক প্ৰদান কৰাৰ লগতে অন্য যাবতীয় প্ৰতিবাদী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ঐক্যমত পোষণ কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি