মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত উজলিল নাহৰকটীয়াৰ মহিলা

Dibrugarh News: সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত উজলিল নাহৰকটীয়াৰ মহিলা

Nijora Baruah

Nijora Baruah

সৰ্ব্বভাৰতীয় পাঞ্জা সংস্থা চমুকৈ বি চি এ আইয়ে কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাৰ ৭০ কেজি অনুৰ্ধ শাখাত অংশগ্ৰহণ কৰি স্বৰ্ণপদক লাভ কৰিলে নাহৰকটীয়াৰ নিজৰা বৰুৱাই ৷

  • Share this:
ডিব্ৰুগড়, ২৬ মে': ডিব্ৰুগড় জিলাৰ এখন সৰু নগৰী নাহৰকটীয়া ৷ এই সৰু নগৰীখনৰে নাম উজলালে এগৰাকী মহিলাই ৷ সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাত উজলি উঠিল নাহৰকটীয়াৰ মহিলা।

কৰ্মজীৱনৰ ব্যাপক ব্যস্ততাৰ মাজতো প্ৰবল অহোপুৰুষাৰ্থ, একাগ্ৰতা আৰু নিয়মানুৱৰ্তিতাৰ যোগেদি যদি সপোনৰ পম খেদি যোৱা হয় তেন্তে সেই সপোন যে এদিন বাস্তৱ হয় সেই কথা পুনৰ এবাৰ প্ৰতীয়মান কৰি তুলিলে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী সুযোগ্য পাঞ্জা খেলুৱৈ নিজৰা বৰুৱাই।

নিজৰ জীৱন জীৱিকাৰ অন্যতম আহিলা স্বৰূপ গৃহৰক্ষী জোৱানৰ চাকৰিৰ মাজতো কঠোৰ অনুশীলন আৰু স্বপ্ন জিনাৰ দুৰ্ব্বাৰ বাসনাক শক্তি হিচাপে লৈ সৰ্ব্বভাৰতীয় পাঞ্জা সংস্থা চমুকৈ বি চি এ আইয়ে কৰ্ণাটকৰ বেংগালুৰুত ১৮ মে'ৰ পৰা ২২ মে'লৈকে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পাঞ্জা প্ৰতিযোগিতাৰ ৭০ কেজি অনুৰ্ধ শাখাত অংশগ্ৰহণ কৰি নিজৰা বৰুৱাই স্বৰ্ণপদক লাভ কৰাৰ বাতৰিয়ে আনন্দৰ বন্যা বোৱাইছে বৃহত্তৰ নাহৰকটীয়াবাসী অঞ্চলৰ ৰাইজৰ মাজত।

নাহৰকটীয়াৰ ক্ৰীড়া সন্থা আৰু ক্ৰীড়া সংগঠক সকলেও শুভেচ্ছা জনাইছে নিজৰাক ৷

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি