মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Pradhan Mantri Awas Yojana: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি

Pradhan Mantri Awas Yojana: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি

X
দুলীয়াজানৰ //

দুলীয়াজানৰ ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তত PMAY ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ,  ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তত PMAY ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তৰ, দীঘলীয়া ৯নং ৱাৰ্ড সদস্যৰ স্বজন তোষণ আৰু অনিয়মৰ অভিযোগ তুলিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

  • Share this:
ৰূপম ফুকন, ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তত PMAY ঘৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ।ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তৰ, দীঘলীয়া ৯নং ৱাৰ্ড সদস্যৰ স্বজন তোষণ আৰু অনিয়মৰ অভিযোগ তুলিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

ডিব্ৰুগড় জিলাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ অধীনস্থ টেঙাখাত উন্নয়ন খণ্ডৰ অন্তৰ্গত ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তৰ ৯ নং দীঘলীয়া গাঁৱৰ ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত চৰম বিসংগতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে বিগত দুবছৰ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে গাওঁখনৰ ৯ নং ৱাৰ্ডৰ দীঘলীয়া গাঁৱৰ নিবাসী প্ৰয়াত পাৱলুছ কাচ্ছাপৰ কন্যা শিৱা কাচ্ছাপৰ ঘৰ নিৰ্মাণৰ বাবে এই আচঁনিত অনুমোদন লাভ কৰিছিল ।

তাৎপৰ্যপূৰ্ণ বিষয় হ'ল যে এই ঘৰ নিৰ্মাণৰ কাম ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ দীঘলীয়া গাঁৱৰ ৱাৰ্ড সদস্য প্ৰশান্ত চাণ্ডিলে নিৰ্মাণ কৰিবলৈ লৈছিল যদিও আজি পৰ্যন্ত এই ঘৰ সম্পূৰ্ণ হৈ নুঠিল । অন্যহাতে, অঞ্চলটোৰ আন হিতাধিকাৰী লোকৰ ঘৰ নিৰ্মাণৰ বেলিকা স্বজন-তোষণ আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । ঠায়ে ঠায়ে নিম্নমানৰ টিনপাত, নিম্নমানৰ ইটা , চিমেণ্ট ব্যৱহৃত কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

ফলস্বৰূপে হিতাধিকাৰী লোকৰ ঘৰবোৰ সোনকালেই জহি খহি যোৱাৰ উপক্ৰম ঘটা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই লৈ আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক সমন্বিতে উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে অন্যথাই আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো পোষকতা কৰিছে ।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি