মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »অসমীয়া মাধ্যমতে পঢ়ি UPSC পৰীক্ষাত সাফল্য কঢ়িয়ালে নামৰূপৰ মানসজ্যোতি দাসে 

অসমীয়া মাধ্যমতে পঢ়ি UPSC পৰীক্ষাত সাফল্য কঢ়িয়ালে নামৰূপৰ মানসজ্যোতি দাসে 

Manash Jyoti Das

Manash Jyoti Das

সদ্য ঘোষিত UPSC পৰীক্ষাৰ ফলাফলত ৮৮১ সংখ্যক স্থানেৰে অসম তথা উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নামৰূপ নিবাসী মানসজ্যোতি দাসে।

  • Share this:
ডিব্ৰুগড়, ২৪ মে': মাধ্যম যে সফলতাৰ অন্তৰায় হ’ব নোৱাৰে তাক পুনৰ প্ৰতিফলিত কৰিলে নামৰূপৰ মানসজ্যোতি দাসে। মঙলবাৰে ঘোষিত UPSC পৰীক্ষাৰ ফলাফলত ৮৮১ সংখ্যক স্থানেৰে অসম তথা উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নামৰূপ নিবাসী মানসজ্যোতি দাসে।

ডিব্ৰুগড় জিলাৰ নামৰূপ হাপজানৰ নিবাসী মুকুন্দ দাস আৰু ৰীতা দাসৰ সন্তান মানসৰ এই সৰ্বভাৰতীয় পৰ্যায়ৰ সফলতাই উৎফুল্লিত কৰি তুলিছে বৃহত্তৰ নামৰূপৰ লগতে অসমবাসী । বৰ্তমান লখিমপুৰ জিলাৰ সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মানসজ্যোতি দাসে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সৰুখেৰেমীয়া মজলীয়া বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।

ইয়াৰ পিছত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায় অসমীয়া মাধ্যমৰ বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সম্পন্ন কৰিছিল আৰু ২০১৬ বৰ্ষত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছিল। অধ্যয়ন, অধ্যৱসায়, অনুশীলন আৰু ধৈৰ্য্যৰ বাবেই এই কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মানসে উল্লেখ কৰিছে।

তেওঁ এই সফলতাৰ বাবে পিতৃ-মাতৃ, বন্ধুবৰ্গ, সহকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰস্তুতি সম্পৰ্কে উল্লেখ কৰে যে ২০১৭ চনৰে পৰা ঘৰতে UPSCৰ পাঠ্যক্ৰম অনুসৰি দৈনন্দিন পঢ়া শুনা অব্যাহত ৰাখিছিল। উল্লেখ্য যে ২০২২ বৰ্ষত অসম লোক সেৱা আয়োগৰ অসামৰিক সেৱাত ৬৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মানসজ্যোতি দাসে। আনহাতে এই ফলাফলৰ পিছতে নামৰূপৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে।

নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰী পিতৃ মুকুন্দ দাসে পুত্ৰৰ এই সাফল্যত অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰি পুত্ৰক সৰুৰে পৰা চৌপাশৰ সমাজখনৰ সৈতে চিনাকী কৰাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ খেলা ধুলা কৰা সমনীয়াকো যাতে ভাল পথেৰে আগুৱাই যাব পাৰে তাৰ বাবে দিহা পৰামৰ্শ দিছিল বুলি মন্তব্য কৰে। লগতে পিতৃগৰাকীয়ে মাধ্যম যে সফলতাৰ অন্তৰায় হ’ব নোৱাৰে তাক প্ৰতিফলিত কৰিছে মানসৰ কৃতকাৰ্যতাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি