মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: ৫৩ খন গ্ৰন্থ প্ৰকাশ-সম্পাদনা কৰা মানুহজনক আপুনি জানেনে? 

Dibrugarh News: ৫৩ খন গ্ৰন্থ প্ৰকাশ-সম্পাদনা কৰা মানুহজনক আপুনি জানেনে? 

Bhagyeswar Gogoi

Bhagyeswar Gogoi

৫৩ খন গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰি অসমীয়া সাহিত্য জগতখনলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা প্ৰচাৰ বিমুখ এগৰাকী লেখক ৷ নাম তেওঁৰ ভাগ্যেশ্বৰ গগৈ । 

  • Share this:
 ডিব্ৰুগড়, ২৪ মে': ৫৩খন গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰি অসমীয়া সাহিত্য জগতখনলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা প্ৰচাৰবিমুখ এগৰাকী লেখক ৷ নাম তেওঁৰ ভাগ্যেশ্বৰ গগৈ । ভাগ্যেশ্বৰ গগৈ বৰ্তমান চাবুৱা মেৰেলি পথাৰৰ বাসিন্দা।

হাতীআলি উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰি হাতীআলি মধ্য ইংৰাজী আৰু উচ্চ ইংৰাজী বিদ্যালয়ত মজলীয়া তথা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ ১৯৮১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। চাবুৱা ডি.ডি.আৰ. মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰি বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লৈ শিক্ষা জীৱনৰ সামৰণি মাৰে।

১৯৮৫ চনত হৰনাথ মজলীয়া বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰি সেই বিদ্যালয়ৰ পৰা সর্বশিক্ষা অভিযান মিছনৰ পানীতোলা প্ৰাথমিক শিক্ষাখণ্ডৰ সমল শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভাগ্যেশ্বৰ গগৈয়ে। গগৈ মূলতঃ এজন কবি। তেওঁৰ প্ৰকাশিত কবিতাসমূহ হ'ল "নৱ ইতিহাস", ধুমুহাৰ পাছত,  "উদং আলিয়েদি ইপাৰ সিপাৰ" আদি ৷

তেখেতৰ অন্যান্য সৃষ্টিশীল লেখাৰ ভিতৰত- ব্লক নম্বৰ নাইন (গল্প), বিহু বিহু নালাগে গাত, বিহু সন্মিলনৰ কিছু চিত্ৰণ আৰু চিন্তন আদিৰ উপৰি বহু সৃষ্টিশীল লিখনিয়ে বিশেষ গুৰুত্ব পাই আহিছে। ভাগ্যেশ্বৰ গগৈৰ সাহিত্য বৰঙণিৰ দিশত অন্য এটি উল্লেখনীয় গুৰুত্বপূৰ্ণ ভূমিকা হ'ল তেওঁ অঞ্চলটোৰ আলোচনী, স্মৃতিগ্ৰন্থৰ সম্পাদনা আৰু প্ৰকাশ কৰি আহিছে।এতিয়ালৈকে তেওঁ ৫৩ খন গ্ৰন্থ সম্পাদনা কৰিছে।

সম্পাদনা কৰা গ্ৰন্থ কেইখনমানৰ নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা শতবাৰ্ষিকী অনুষ্ঠানৰ ‘জ্যোতি', ৫৫৮ সংখ্যক শংকৰ গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ 'ভক্তিৰস', সদৌ অসম মটক সন্মিলনৰ ২২ সংখ্যক অধিৱেশনৰ ‘স্মৃতিগ্ৰন্থ, All AssamOpen Style full Contect Karate Championship ৰ KASUMI অভাপুনাৰ 'স্মৰণিকা', যুটীয়াভাৱে সম্পাদনা -‘জীৱন জেউতি ইত্যাদি । ইয়াৰ উপৰিও তেওঁ সম্পাদনা কৰা বহু গ্ৰন্থ আছে ।

গগৈয়ে দুখন একাংকিকা নাট ৰচনা কৰি সফল মঞ্চস্থ কৰে । নাট দুখনি হ'ল- ‘নতুন পুৰুষ' আৰু 'বিপ্লৱৰ অন্য পন্থা'। উক্ত নাটকত তেওঁ নিজেও অভিনয় কৰিছিল ।সামাজিক দিশত সৰুৰে পৰা সেৱা আগবঢ়াই অহা গগৈয়ে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে ছাত্ৰ জীৱনত বিভিন্ন ধৰণৰ সামাজিক দায়িত্বত জড়িত হৈ আছিল ।

লগতে বৰ্তমান সময়তো তেওঁ সামাজিকভাৱে সাহিত্য চৰ্চা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ লগত জড়িত হৈ আছে। এনেবোৰ মূল্যৱান গ্ৰন্থৰ যোগেদি সাহিত্য চৰ্চা কৰা ভাগ্যেশ্বৰ গগৈক বিভিন্ন অনুষ্ঠানে সন্মানিতও কৰি আহিছে। তেওঁ ইতিমধ্যে লাভ কৰা কেইটামান সন্মানসমূহ হৈছে- জিলা ভিত্তিক কৃতী শিক্ষক, ৰাজ্যিক কৃতী শিক্ষক আদি।

ভাগ্যেশ্বৰ গগৈয়ে এখন সুন্দৰ বিজ্ঞানসন্মত সমাজ গঢ়াৰ কামনাৰে সাহিত্য চৰ্চাৰ লগতে বিভিন্ন সমাজ কল্যাণমূলক কামত নিজকে জড়িত কৰি আহিছে।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি