এসময়ত অসম দলৰ অনুৰ্দ্ধ ২১ ৰ ফুটবল খেলা সুদক্ষ ডিফেণ্ডাৰ খেলুৱৈজনেই হৈছে চাবুৱাৰ দেৱজিৎ শৰ্মা । অসমৰ বিভিন্ন স্থানৰ খেলপথাৰত ফুটবল খেলি বিশেষ চিনাকী মুখ হৈ পৰা দেৱজিৎ শৰ্মা চাবুৱাৰ স্বৰ্গীয় কনক চন্দ্ৰ শৰ্মা আৰু মনোমতী শৰ্মাৰ জেষ্ঠ পুত্ৰ । সৰুৰে পৰা টেঙাবল খেলি ভালপোৱা দেৱজিতে বহু কষ্ট কৰি অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ বাবুল ফুকনৰ ওচৰত প্ৰশিক্ষণ লোৱা এইগৰাকী ফুটবলাৰে ডিব্ৰুগড় জিলা ফুটবল দল, বৰদলৈ ট্ৰফী, স্বাধীনতা কাপ, গাৰোডিয়া কাপ ,মিলনজ্যোতি সংঘ,গুৱাহাটীৰ ডাইনামো ক্লাৱ ইত্যাদি দলৰ হৈ ফুটবল খেলসমূহত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ।
বৰ্তমান প্ৰাক্তন খেলুৱৈজনে ২০১০ চনৰ পৰা নিজাববীয়াকৈ চাবুৱা ফুটবল কচিং চেণ্টাৰ নামেৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰি আছে ৷ চাবুৱাৰ গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীক প্ৰশিক্ষণ প্ৰদান কৰি সুস্থ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিছে ।
অন্যহাতে দেৱজিৎ শৰ্মাই প্ৰশিক্ষণ দিয়া খেলুৱৈসকলে ভাৰতৰ বিভিন্ন ক্লাৱত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু পৰিতাপৰ বিষয় যে দেৱজিৎ শৰ্মাই অসমৰ ক্ৰীড়া জগতখনৰ বাবে প্ৰচুৰ অৰিহণা আগবঢ়াই আহিছে যদিও আজিও তেওঁ লাভ নকৰিলে চৰকাৰৰ পৰা কোনো সহায় বা স্বীকৃতি ৷
Published by: Subham Goswami
FIRST PUBLISHED : May 23, 2023, 23:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।