মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: আগতীয়া বৰষুণে মন উৎফুল্লিত কৰি তুলিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ

Dibrugarh News: আগতীয়া বৰষুণে মন উৎফুল্লিত কৰি তুলিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ

X
এটি //

এটি কলি দুটি পাতে সেউজীয়া কৰি তুলিছে অসমৰ চাহ খেতি

আগতীয়া বৰষুণে ক্ষুদ্ৰ চাহ খেতিয়কৰ মন উৎফুল্লিত কৰি তুলিছে। বৰষুণ অহাৰ লগে লগেই সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহ সেউজীয়া হৈ পৰিছে। অৱশ্যে, কেঁচাপাতৰ মূল্যক লৈও উদ্বিগ্ন হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল।

  • Share this:
ৰূপম ফুকন, ডিব্ৰুগড়: বাৰিষাৰ বৰষুণ অহাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড়ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ বহু বিৰতিৰ অন্তত এতিয়া অসমত আৱতৰীয়া বাৰিষা আহিছে।

বৰষুণ অহাৰ লগে লগেই সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহ সেউজীয়া হৈ পৰিছে। বাগিচাৰ সেউজীয়া এটি কলি দুটি পাতে খেতিয়কৰ মন উৎফুল্লিত কৰি তুলিছে।

তাৰ বিপৰীতে কিন্তু অধিক বৰষুণৰ ফলত ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱৰাৰ বাবে বিভিন্ন পোকেও উপদ্ৰৱ কৰা দেখা পোৱা গৈছে। কিন্তু আন বছৰতকৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত এই বছৰ অধিক উৎপাদন হৈছে।

আনহাতে, অতি পৰিতাপৰ বিষয় যে চাহ ফেক্টৰীসমূহে এইবছৰ কেঁচা চাহপাতৰ মূল্য কিদৰে নিৰ্ধাৰণ কৰে তাক লৈও ক্ষুদ্ৰ চাহ খেতিয়ক সকল চিন্তিত হৈ পৰিছে।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি