ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক তেওঁৰ গুৱাহাটীস্থ বাসগৃহত আনুষ্ঠানিকভাৱে ডি-লিট উপাধি প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ হৈ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই সাহিত্যিকগৰাকীক এক অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰে এই সন্মান। অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালো উপস্থিত থাকে।
উল্লেখযোগ্য যে ৩ মে'ত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰাৰ কথা আছিল। কিন্তু স্বাস্থ্যজনিত কাৰণত তেওঁ উক্ত অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। এই সন্মান পোৱাৰ পিছতে স্বাভাৱিকতে সাহিত্যিক গৰাকী আনন্দিত হৈ পৰিছে। নিৰুপমা বৰগোহাঞি একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ।
নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও ‘‘ৰামধেনু’’ত প্ৰকাশিত ‘‘এনথ্ৰ’প’ল’জিৰ সপোন’’ নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত ‘‘অভিযাত্ৰী’’ গ্ৰন্থৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটাৰ সন্মান লাভ কৰিছিল।
জীৱনৰ শেষ বয়সত বিশ্ববিদ্যালয়খনে দিয়া এই সন্মানটোৱে মোৰ বাবে সৰ্ববৃহৎ স্বীকৃতি বুলি সাহিত্যিকগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে ।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 25, 2023, 12:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।