এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া । যিগৰাকী আৰক্ষী বিষয়াৰ কৰ্মই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে । লিকাবালিত অৱস্থিত ২২ নং অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক এইগৰাকী মুছলেহুদ্দিন আহমেদ ।
জন্মসূত্ৰে তেওঁ ইছলামধৰ্মী মুছলমান যদিও এইগৰাকী বিষয়াই ধৰ্মীয় সমন্বয়ৰ মাধ্যম হিচাপে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে কাম কৰি আহিছে । তেওঁৰ একক প্ৰচেষ্টাত লিকাবালিত প্ৰতিষ্ঠা কৰা হৈছে এক সুন্দৰ আৰু বৃহৎ নামঘৰ ।
ইয়াৰ পূৰ্বেও তেওঁ ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ উইল্টনত থকা অসম আৰক্ষীৰ ১৯ নং বেটেলিয়নৰ অধিনায়ক হৈ থকা কালত সেই স্থানতো ২০১৬ চনতেই একক প্ৰচেষ্টাৰে নিৰ্মান কৰিছিল অনুৰূপ এক নামঘৰ । সেই নামঘৰটো উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।
নামঘৰটোৰ বাটচ'ৰা আৰু সন্মুখভাগত প্ৰতিষ্ঠাপক হিচাপে খোদিত কৰা হৈছিল তেওঁৰ নাম । কিন্তু বেটেলিয়নটোৰ বৰ্তমানৰ অধিনায়ক গৰাকীয়ে সকলো স্থানৰ পৰা তেওঁৰ নামটো মচি পেলোৱা কাৰ্য্যই তেওঁৰ অনুগামী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কোনো কাৰণ নোহোৱাকৈ অথবা তেওঁৰ জ্যেষ্ঠ বিষয়াগৰাকীক একো নজনোৱাকৈ সম্পূৰ্ণ ময়মতালিৰে নাম আঁতৰাই দিয়া কাৰ্য্যক সহজভাৱে লব পৰা নাই সচেতন ৰাইজে ।
এই সন্দৰ্ভত আজি চিলাপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এগৰাকী ইছলামধৰ্মী লোক হৈও তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰি মহাপুৰুষজনাৰ ধৰ্মৰ দ্বাৰা সমন্বয় সাধন কৰাত ব্ৰতী হৈছে । আমি তেওঁক উৎসাহ আৰু ধন্যবাদহে দিব লাগে । কিন্তু তেওঁক এইদৰে অপমান কৰি তেওঁৰ নাম মচি দিয়াতো উচিত হোৱা নাই ।
১৯ নং বেটেলিয়নৰ অধিনায়ক গৰাকীক এনে কামৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান জনায় । আনপিনে উক্ত বিষয়টোৰ সন্দৰ্ভত স্থানীয় দল-সংগঠনৰ লগতে সচেতন ব্যক্তি সকলেও এনে কাৰ্যক নিন্দা কৰি কৰি কয় যে এনে নিকৃষ্ট কাণ্ডৰ পৰা বৰ্তমানৰ অধিনায়ক গৰাকীক আতৰি থাকি নামঘৰৰ যি গৰিমা তাক অটুট ৰাখক ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 31, 2023, 22:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।