মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Dibrugarh News: সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাকেন্দ্ৰ চাবুৱাৰ 'কালাৰ্চ'

Dibrugarh News: সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাকেন্দ্ৰ চাবুৱাৰ 'কালাৰ্চ'

সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাকেন্দ্ৰ চাবুৱাৰ 'কালাৰ্চ'

সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাকেন্দ্ৰ চাবুৱাৰ 'কালাৰ্চ'

২০১০ চনতে চাৰিগৰাকী ছাত্ৰীৰে আৰম্ভ কৰা নৃত্য-সংগীতৰ বিদ্যালয়খনেই আজিৰ তাৰিখত "কালাৰ্চ চিত্ৰকলা, নৃত্য, গান আৰু অভিনয়ৰ প্ৰতিষ্ঠান"ৰূপে উজলি উঠিছে । 

  • Share this:
ৰক্তিম দাস, ডিব্ৰুগড়: চাবুৱাৰ সংস্কৃতি চৰ্চাৰ অন্যতম এক চৰ্চাস্থলী 'কালাৰ্চ' ৷ ২০১০ চনতে চাৰিগৰাকী ছাত্ৰীৰে আৰম্ভ কৰা নৃত্য-সংগীতৰ বিদ্যালয়খনেই আজিৰ তাৰিখত "কালাৰ্চ চিত্ৰকলা, নৃত্য, গান আৰু অভিনয়ৰ প্ৰতিষ্ঠান" ৰূপে উজলি উঠিছে । চাবুৱা অঞ্চলৰ দুগৰাকী ব্যক্তিৰ নিজাববীয়া প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰ চৰ্চা কৰিবলৈ "কালাৰ্চ" নামৰ অনুষ্ঠানটো জন্ম দিছিল ।

সম্প্ৰতি বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ মঞ্চ কঁপাই থকা কালাৰ্চ উজনি অসমৰ এটা জনপ্ৰিয় আৰু পৰিচিত নাম হৈ পৰিছে । এই প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী তথা মেনেজিং ডাইৰেক্টৰ হৈছে সাংস্কৃতিক কৰ্মী, ড্ৰামাৰ অমল শইকীয়া । অমল শইকীয়া এজন সুনিপুণ বাদ্যযন্ত্ৰী হোৱাৰ উপৰিও দিনজয় জিলা পৰিষদৰ সদস্য । কেৱল ৪ গৰাকী সদস্যৰে আৰম্ভ কৰা এই কালাৰ্চৰ বৰ্তমানৰ সফল ৰূপ পোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে অমল শইকীয়াৰ সহধৰ্ম্মীনি বিউতি লেখাৰু শইকীয়াৰো ।বিউতি লেখাৰু শইকীয়া এই প্ৰতিষ্ঠানটোৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ আৰু অধক্ষ্য ।

এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ উপৰিও, অনাঁতাৰ শিল্পী,নৃত্য পটিয়সী,নৃত্য পৰিচালিকা,ঘোষিকা হিচাবে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত তেওঁৰ সুনাম আছে । সাংস্কৃতিক মনৰ এই দম্পতীয়ে বহু সংগ্ৰাম,ত্যাগৰ বলত চাবুৱাৰ মাজমজিয়াত বৰ্তমান কালাৰ্চক প্ৰতিষ্ঠিত ৰূপ দিবলৈ সক্ষম হৈছে । ২০১০ বৰ্ষত এটা পৰিত্যক্ত ঘৰত আৰম্ভ কৰি বৰ্তমান স্থায়ী গৃহটোলৈকে কৰা যাত্ৰাটো কালাৰ্চ পৰিয়ালৰ বাবে মুঠেই সহজ নাছিল বুলি স্বত্বাধিকাৰী অমল শইকীয়াই জানিব দিছে । প্ৰাৰম্ভিক অৱস্থাত ভাৰত নাট্যম, সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণেৰে আৰম্ভণি হৈছিল ।

পৰৱৰ্তী পৰ্যায়ত প্ৰশিক্ষাৰ্থীসকলৰ বাবে চিত্ৰকলা,সংগীত আৰু বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় । বৰ্তমান ২০০ তকৈও অধিক প্ৰশিক্ষাৰ্থীৰে ভৰপূৰ কালাৰ্চত বিভিন্ন বিভাগৰ ৭ গৰাকীকৈ প্ৰশিক্ষক আছে । বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষক আনি সংগীত, নৃত্য, বিহুনাচ, ঢোল বাদন আদিৰ কৰ্মশালা অনুষ্ঠিত কৰি প্ৰশিক্ষাৰ্থী সকলক সাংস্কৃতিক জগতখনত আগুৱাই যোৱাত এই প্ৰতিষ্ঠানটোৱে সহায় সহযোগিতা কৰি আহিছে । প্ৰত্যেক শনি আৰু দেওবাৰে প্ৰশিক্ষণ প্ৰদান কৰা কালাৰ্চে আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈও প্ৰশিক্ষণ প্ৰদান কৰে ।

কালাৰ্চৰ উল্লেখযোগ্য এটা অনুষ্ঠান হৈছে কালাৰ্চ বাৰ্ষিক দিৱস । এই দিৱসত প্ৰশিক্ষাৰ্থী সকলৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে কালাৰ্চৰ পৰিচালনা সমিতিয়ে । সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ ,কলকতাৰ দ্বাৰা পৰিচালিত কালাৰ্চে সাংস্কৃতিক দিশত যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ।উদাহৰণ স্বৰূপে অসমৰ বিভিন্ন মঞ্চত কালাৰ্চ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ।

এই অনুষ্ঠানে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে । অন্যহাতে কালাৰ্চত প্ৰশিক্ষণপ্ৰাপ্ত বিভিন্ন প্ৰশিক্ষাৰ্থীয়ে নৃত্য,সংগীত,চিত্ৰকলাৰ বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত পুৰস্কাৰ বুটলি চাবুৱাৰ নাম উজলাই তুলিছে । ময়ুৰ শইকীয়াই (সংগীত পৰিচালক,ড্ৰামাৰ ) সংগীত পৰিচালক,বাদ্যযন্ত্ৰী হিচাবে সাংস্কৃতিক জগতখনত মনোনিৱেশ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই প্ৰতিষ্ঠানত শিকি ডিগ্ৰীধাৰী হৈ কোনোৱে সংগীত বিদ্যালয়, কোনোৱে নৃত্যৰ বিদ্যালয়, কোনোৱে চিত্ৰকলাৰ বিদ্যালয় খোলাৰ মন মেলি ক্ৰমান্বয়ে আগবাঢ়িছে ।

সফলতাৰ শিখৰলৈ যাত্ৰা কৰা ১৩ বছৰীয়া কালাৰ্চৰ অন্যতম নৱ সংযোজন হৈছে Colours kids zone play school pre nursary বিদ্যালয় । চাবুৱা অঞ্চলৰ দুগৰাকীকৈ সাংস্কৃতিক মনৰ অধিকাৰী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা কালাৰ্চে এতিয়া কেৱল সংগীত ,নৃত্যৰ প্ৰশিক্ষণেই নহয়,এক সুস্থ সবল সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে ব্ৰতী । অসমীয়া সংস্কৃতি,ভাৰতীয় সংস্কৃতি জীয়াই ৰাখিবলৈ আহুপুৰুষাৰ্থ চেষ্টা আজিও অব্যাহত ৰাখিছে ।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি