মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Assamese Cuisine: অসমীয়া সমাজত প্ৰচলিত 'চাটনি', চাটনিৰ বিভিন্ন প্ৰকাৰ

Assamese Cuisine: অসমীয়া সমাজত প্ৰচলিত 'চাটনি', চাটনিৰ বিভিন্ন প্ৰকাৰ

Chutny

Chutny

অসমৰ হাবি বননিয়ে বা বাৰীসমূহত পোৱা নৰসিংহ পাত, পদিনা, মান ধনীয়া, মুচন্দৰি পাত, ভেদাইলতা, ধনীয়া পাত, লাইপাত আদি তৰুতৃণৰ পাতেৰে চাটনি প্ৰস্তুত কৰাা হয়। অসমীয়া সমাজত প্ৰচলিত বিভিন্ন চাটনিৰ বিষয়ে জানো আহক ৷

  • Share this:
ডিব্ৰুগড়, ২৬ মে': সাধাৰণতে অসমীয়া সমাজৰ লোকসকলে খাদ্যৰ লগত প্ৰায়েই বিভিন্ন ধৰণেৰে 'চাটনি' প্ৰস্তুত কৰি খায়। অসমৰ মূল খাদ্য ভাতৰ লগত চাটনি অলপ থাকিলে মাছ বা মাংস নহ'লেও ভাতগাল তৃপ্তিৰে খাব পাৰি। কম সামগ্ৰী আৰু সহজতে প্ৰস্তুত কৰিব পৰা এই চাটনি সুস্বাদু বনাবলৈ সময়ো কম লাগে।

অসমত বাস কৰা প্ৰত্যেক ঘৰ মানুহৰ ঘৰত এই চাটনি প্ৰস্তুত কৰিবলৈ শিলপটা এখন থাকেই। অসমীয়া মানুহে থাউকতে হাতৰ ওচৰত পোৱা সামগ্ৰীৰে চাটনি প্ৰস্তুত কৰে। কিয়নো অসমৰ হাবিয়ে বননিয়ে পোৱা বনৌষধি গছৰ পাতেৰে এই চাটনি সমূহ প্ৰস্তত কৰি অহা পৰিলক্ষিত হৈছে।

অৱশ্যে চাটনি অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকসকলেও বিভিন্ন ধৰণে খাবলৈ প্ৰস্তুত কৰে। শিলপটা এখনত শিলগুটি এটাৰে গছৰ পাতৰ লগত বা কেইবিধ খাদ্যৰ সামগ্ৰী খুন্দি, পিহি নিৰ্মাণ কৰা এক উপকৰণেই হৈছে চাটনি। আজিকালি ইলেক্ট্ৰিক যন্ত্ৰ মিক্সাৰ গ্ৰাইণ্ডাৰ সহায়ত এই চাটনি প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰিবলৈ সহজো হয়।

অসমৰ হাবি বননিয়ে বা বাৰীসমূহত পোৱা নৰসিংহ পাত, পদিনা, মান ধনীয়া, মুচন্দৰি পাত, ভেদাইলতা, ধনীয়া পাত, লাইপাত আদি তৰুতৃণৰ পাতেৰে চাটনি প্ৰস্তুত কৰে। ইয়াৰ ওপৰিও শুকান মাছৰ চাটনি, ঔটেঙাৰ চাটনি, বুটমগুৰ চাটনি ইত্যাদি ইত্যাদি প্ৰকাৰৰ চাটনি খোৱাৰ পদ্ধতি আছে। অসমীয়া লোকসকলে খোৱা চাটনি সমূহ প্ৰায়েই বনৌষধি উদ্ভিদৰ পাত। এনে চাটনি কেইবিধমান হৈছে এনেধৰণৰ-

১/উপকৰণ:
নৰসিংহ পাত, মছুন্দৰি পাত, ভেদাইলতা পাত, নহৰু তিনি চাৰিফুটা, জলকীয়া, নিমখ দি প্ৰস্তত কৰা চাটনি।

২/উপকৰণ:
চাম কচু, নৰসিংহ পাত, মান ধনীয়া, মছুৰ ডাইল, মগু, নহৰু, আদা , জলকীয়া আৰু নিমখ দি বনোৱা চাটনি।

৩/উপকৰণ:
গোটা মগু( গজালি ওলোৱা হলে আৰু ভাল) ধনীয়া, নহৰু , জলকীয়া, নিমখ আৰু নেমুৰ ৰস দি প্ৰস্তত কৰা চাটনি।

৪/উপকৰণ:
কেঁচা তিল কিছু সময় পানীত ভিজাই থোৱা, নহৰু, আদা , জলকীয়া আৰু নিমখ দি বনোৱা চাটনি।

৫/ উপকৰণ:
পদিনা আৰু আম কলিৰ চাটনি।

৬/ উপকৰণ:
কেঁচা বুটৰ বাকলি গুচাই নহৰু আদা জলকীয়া নিমখ দি কৰা চাটনি।

৭/উপকৰণ:
শুকান মাছ, নিমখ, আদা, নহৰু, জলকীয়া, ধনীয়া পাত, নেমুৰ চাটনি।

এনেদৰে অসমীয়া সমাজে বিভিন্ন পদ্ধতিৰে চাটনি প্ৰস্তুত কৰি ভাতৰ লগত তৃপ্তিৰে খায়। বনৌষধি উদ্ভিদৰ পাতেৰে তৈয়াৰী চাটনিবোৰ স্বাস্থ্যৰ বাবেও ভাল। ইয়ে পেটৰ অসুখো নিৰাময় কৰে।

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি