ডিব্ৰুগড়ত আজি বিয়লি ৫ বজাত অহা এজাক বিধ্বংসী ধুমুহাত এক বিস্তীর্ণ অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুলোক আঘাতপ্রাপ্ত হোৱাৰো খবৰ পোৱা গৈছে ৷
আজি বিয়লি প্রায় ৫ বজাত হঠাৎ অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত চহৰখনৰ বিশেষকৈ অসম মেডিকেল কলেজলৈ যোৱা পথত বহু ডাঙৰ গছৰ লগতে বৈদ্যুতিক খুটা উভালি পৰাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।প্রবল ধুমুহা অহাৰ সময়তে মেডিকেললৈ আহ-যাহ কৰা বহু বাহনৰ ওপৰত গছ আৰু বৈদ্যুতিক খুঁটা উভালি পৰে যদিও যাত্রীসকলৰ জীৱন ৰক্ষা পৰে কিন্তু কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।
উক্ত সময়তে অসম মেডিকেল কলেজৰ পৰা মৰান সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ সহধর্মিনী ওলাই অহাত গাড়ীৰ ওপৰতে পৰিল বিদ্যুতৰ তাঁৰ ৷ গাড়ীৰ সামান্য ক্ষতি হোৱাৰ বাহিৰে ঈশ্বৰৰ কৃপাত কাৰোৱে একো ক্ষতি নহ'ল বুলি সামাজিক মাধ্যমৰ জৰিয়তে বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।
আনহাতে বিয়লি অহা প্রচণ্ড ধুমুহাজাকত অসম মেডিকেলৰ পথত উভালি পৰা গছ আৰু বৈদ্যুতিক খুঁটাসমূহ আৰক্ষী,এচ ডি আৰ এফ,অগ্নিনির্বাপক বাহিনীৰ লোকে তৎপৰতাৰে মুকলি কৰাত ব্যস্ত হৈ পৰে ৷আজিৰ এই ধুমুহাত ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তৰ খনিকৰ,বৰবৰুৱা,জকাই,চাউলখোৱা প্রভৃতি অঞ্চলত ঘৰৰ চালি,টিনপাত,শস্য,বাৰীৰ ব্যাপক ক্ষতিসাধন হয় ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 27, 2023, 23:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।