মুখ্যপৃষ্ঠা »খবৰ »ডিব্ৰুগড় »Assamese Jolpan: অসমীয়া সমাজত প্ৰচলিত "জলপান"- অসমীয়া জলপানৰ তালিকাখন জানেনে?

Assamese Jolpan: অসমীয়া সমাজত প্ৰচলিত "জলপান"- অসমীয়া জলপানৰ তালিকাখন জানেনে?

Jolpan : Varity of traditional Assamese rice base fast food

Jolpan : Varity of traditional Assamese rice base fast food

অতীজৰে পৰা অসমীয়া সমাজ-সংস্কৃতিত দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ-পাৰ্বণ, বিয়া-বাৰু, সকামে-নিকামে বিভিন্নধৰণে জলপান ব্যৱহাৰ হৈ আহিছে

  • Share this:
ৰক্তিম দাস, ডিব্ৰুগড়: অতীজৰে পৰা অসমীয়া সমাজ-সংস্কৃতিত দৈনন্দিন জীৱনৰ পৰা আৰম্ভ কৰি উৎসৱ-পাৰ্বণ, বিয়া-বাৰু, সকামে-নিকামে বিভিন্ন ধৰণেৰে জলপান ব্যৱহাৰ হৈ আহিছে । অসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰি ভিন্নধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে।

তেনে এক পৰম্পৰাগত লঘু আহাৰ হৈছে জলপান। কোমল চাউল, সান্দহ, পিঠাগুড়ি, চিৰা, লুথুৰি, কড়াই গুড়ি, পায়স, চুঙা চাউল, তিলপিঠা, ঘিলা পিঠা, মুড়ি, টেকেলি পিঠা ইত্যাদি ভিন্ন নামৰ জলপানে অসমীয়া সমাজত পৰম্পৰাগতভাৱে বিশেষ স্থান দখল কৰি আহিছে। জলপান তৈয়াৰ কৰা সঁ‌জুলি, যেনে-ঢেঁ‌কী, উৰল আদি, জলপান পৰিৱেশন কৰা কাঁ‌হী, পাণ ধোৱা কাঁ‌হী, জাত কাঁ‌হী, বানবাটি, হাতীখুজীয়া বাটি আদি অসমীয়া সংস্কৃতিৰ ভিতৰুৱা অংগ।

জলপান তৈয়াৰ কৰা প্ৰত্যেকবিধ চাউলৰে নিজস্ব একোটা নাম আছে। বিভিন্ন ধৰণৰ পদ্ধতিৰে আমি জলপান তৈয়াৰ কৰি খাব পাৰোঁ। তাৰে কেইটামান পদ্ধতি হৈছে-

তিয়াই খোৱা জলপান(কোমল চাউল): বিশেষকৈ চকোৱা ধান সিজাই টান ৰ'দত শুকুৱাই চাউল উলিয়াই পিছত পানীত তিয়াই কোমল কৰি দৈ, গুৰ আদিৰে সৈতে খোৱা হয়।

ভজা (বৰা চাউল): বৰা ধান ফুট কাঢ়ি পানীখিনি নিয়ৰ হোৱাৰ পিছত ভাজি ঠাণ্ডা হ'লে চাউল উলিয়াই তাক পানীত তিয়াই জলপান কৰি খোৱা হয়।

ভাত পিঠা(আৰৈ চাউল): আৰৈ চাউলৰ কেঁ‌চা পিঠাগুড়ি কুহুমীয়া নাইবা ঠাণ্ডা পানীৰে সানি লৈ বিশেষ চালনীৰে চালি উতলি থকা পানীত সিজাই এই পিঠা প্ৰস্তুত কৰি গুড়, তপত গাখীৰ বা দৈ নাইবা মাংসৰে সৈতে খাব পাৰি। ভাতৰ দৰে সিজোৱা বাবে এই পিঠাৰ নাম ভাত পিঠা।

মুঠিয়া পিঠা বা নাঙল পিঠা(বৰা চাউল): বৰা চাউলৰ পিঠাগুড়ি পানীৰে সানি লাড়ুৰ নিচিনাকৈ মুঠিয়াই উতলা পানীত সিজাই খোৱা হয়। বিশেষকৈ বাৰিষা খেতি উঠাৰ পিছত এই পিঠা খাই বাবেই ইয়াক নাঙল পিঠা বোলা হয়।

পুহীয়া পিঠা: মুঠিয়া পিঠাৰ দৰে মিশ্ৰণ কৰি কণী আকৃতিৰ লাড়ু সাজি আঙুলিৰে ফুটা কৰি তাত তিল, গুৰৰ মিশ্ৰণ ভৰাই পুনৰ ফুটাটো বন্ধ কৰি গৰম পানীত উতলাই এই পিঠা সিজোৱা হয়।

বৰা চাউল বা বৰা ভাত: বৰা চাউল কিছু সময় তিয়াই পানীত সিজাই খোৱা হয় ।

পায়স: জহা/বৰা/আৰৈ চাউল উতলা গাখীৰত চেনি/গুৰ, তেজপাত, কাজু, নাৰিকল, কিচমিচ আদি সংমিশ্ৰণেৰে সিজাই খোৱা হয়। পুৰণি অসমীয়া সাহিত্যত পায়স "পৰমান্ন" নামেৰে উল্লেখ আছে।

লুথুৰী পিঠা: আৰৈ চাউলৰ কেঁ‌চা পিঠাগুড়ি পানীত সিজাই লুথুৰী পিঠা তৈয়াৰ কৰি নিমখীয়া নাইবা মিঠাকৈ খাব পাৰি।

চুঙা চাউল: বৰা চাউল পানীত তিয়াই ৰাখি কুমলিবলৈ দি টুকি কুমলীয়া বাঁ‌হৰ চুঙাত কম পৰিমাণৰ পানীৰে সৈতে ভৰাই লৈ কলপাতেৰে চুঙাটোৰ মুখখন বন্ধ কৰাৰ পিছত জুইত পুৰি এই জলপান প্ৰস্তুত কৰা হয়।

চুঙা পিঠা: বৰা চাউলৰ পিঠাগুড়িক কুমলীয়া বাঁ‌হৰ চুঙাত তিল, গুৰ আদিৰ সংমিশ্ৰণেৰে চুঙা চাউলৰ পদ্ধতিৰে সিজাই খোৱা হয় ।

ভাজি খোৱা জলপানক এনেকৈ ভগাব পাৰি-

আখৈ: চকোৱা বা বৰা ধান ভালকৈ ৰ'দাই কেৰাহীত বালিৰ সৈতে নাইবা সুদাকৈয়ে গৰম কৰি লৰাই থাকিলে ধানবিলাক ফাটি আখৈৰ প্ৰস্তুত হয়।

মুড়ি: চকোৱা ধান ফুট দিওঁ‌তে কমকৈ ফাটিবলৈ দি ৰ'দত শুকুৱাই লোৱাৰ পিছত চাউল উলিয়াই তাক নিমখ পানীৰে সানি কোমলাই ৰঙা কৰি ভাজিব লাগে আৰু তাৰপিছত কাপোৰ এখনেৰে চাউলখিনি টোপোলা বান্ধি থ'ব লাগে। সেই বান্ধি থোৱা চাউলখিনি মুঠিকৈ মুঠিকৈ বালিত ভাজি মুড়ি প্ৰস্তুত কৰা হয়। বালি আৰু মুড়িখিনি চালনীৰে চালি পৃথক কৰি লোৱা হয়।

হুৰুম: বৰা ধান পাঁ‌চদিনমান পানীত ভিজাই ৰাখি পিছত টুকি নিয়ৰ হ'বলৈ দি কেৰাহীৰ কম জুইত ভাজি ঠাণ্ডা হ'লে ঢেঁকীত খুন্দি লৈ চাউলখিনি নাৰিকল তেলেৰে সানি অলপ সময় থ'ব লাগে। তাৰ পিছত বালিৰ সৈতে সেই চাউল ভাজিলে হুৰুম জলপান প্ৰস্তুত হয়।

ভজাৰ পিছত খুন্দি খোৱা জলপানসমূহ-

চিৰা: মৌ বৰা, বকুল বৰা, চকোৱা, মালভোগ আদি ধান তিনিদিনমান তিয়াই ৰাখি নাইবা ফুট কাঢ়ি (তিয়াই লগে লগে টুকি) ভাজি গৰমে গৰমে ঢেঁ‌কীত খুন্দি চেপেটা কৰি চিৰা জলপান তৈয়াৰ কৰা হয় ।

সান্দহ গুড়ি: উখুৱা চাউল ধুই খৰাহিত টুকি ৰাখি জুইত টানকৈ ভাজি লোৱাৰ পিছত ঢেঁকীত খুন্দি সান্দহ গুড়ি প্ৰস্তুত কৰা হয়। কল আৰু গাখীৰৰ সৈতে খাবলৈ সোৱাদ। ধেমাজি, লখিমপুৰ আদি জিলাত কুকুৰা বা গাহৰি মাংস নাইবা আমৰলি টোপৰ লগত তৰকাৰী বনাই খোৱাও দেখিবলৈ পোৱা যায়।

কৰাই গুড়ি: উখোৱা চাউল তিয়াই লৈ ভাজি এই জলপান প্ৰস্তত কৰা হয়।

টেকেলি পিঠা: আৰৈ চাউলৰ পিঠাগুড়িত গুড়, চেনি, নাৰিকল আদি মিহলাই চালনীৰে চালি লৈ বাতি আদি পাত্ৰত মুখলৈকে ভৰাই পাতল কাপোৰেৰে বান্ধি উতলি থকা পানীৰ ভৰ্তি টেকেলি এটাৰ মুখৰ ভাপত সিজাই টেকেলি পিঠা প্ৰস্তুত কৰা হয়।

চেৱা চাউল: আৰৈ বা বৰা চাউল সৰহ সময় তিয়াই ৰাখি টুকি লৈ ঘন ফুটা থকা পাত্ৰৰ উতলা পানীৰ ভাপত দি সিজোৱা হয় ।

তৈয়াৰ কৰা পদ্ধতি অনুসৰি সকলোবিলাক জলপানৰ সোৱাদ বেলেগ বেলেগ হয় । জলপান অসমীয়া জাতিৰ খাদ্যভ্যাসৰ এক অবিচ্ছেদ্য অংগ। জলপানক লৈ এতিয়াও কিন্তু এখন ভাল বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই ৷

তোমাৰ চহৰৰ পৰা(Dibrugarh)

শেহতীয়া বাতৰি