এটাৰ পাছত আনটো হত্যাকাণ্ডই কঁপাই গৈছে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ (Sonari City)। যোৱা ২৯ নৱেম্বৰত সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰি লুখুৰাখন যদুবস্তি গাঁওত সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী মহিলাই নিজৰ মাতাল স্বামীক কুঠাৰেৰে মৰিয়াই মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই যোৱানিশা সংঘটিত আন এক হত্যাকাণ্ডৰ ঘটনাই চিন্তিত কৰি তুলিছে জিলাবাসীক।
যোৱানিশা সোণাৰি আৰক্ষী থানাৰ এলেকাধীন নগানদী বনগাঁওত এজন যুৱকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰে নিজৰ জ্যেষ্ঠ ভাতৃক। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, অঞ্চলটোৰ নিৱাসী বুধু মুণ্ডাৰ (৫৫) পত্নী তথা তিনি সন্তানৰ মাতৃক তেওঁলোকৰ নিজ ঘৰৰ পৰা বুধুৰ নিজৰ কনিষ্ঠ ভাতৃ শুক্ৰা মুণ্ডাই (৪৫) কালি দিনৰ ভাগত পলুৱাই আনি নিজৰ ঘৰতে ৰাখিছিল।
সন্ধিয়া কামৰ পৰা আহি ঘৰত উপস্থিত হৈ বুধুৱে পত্নীক ঘৰত নাপাই ইফালে সিফালে বিচাৰ-খোঁচাৰ কৰি থাকোঁতে ওচৰ- চুবুৰীয়াৰ পৰা পত্নী শুক্ৰাৰ সৈতে পলাই যোৱা বুলি জানিব পাৰে। ইয়াৰ পাছতেই খঙত অগ্নিশৰ্মা হৈ বুধুৱে ঘৰত থকা এখন চোকা দা লৈ শুক্ৰাৰ ঘৰত উপস্থিত হয়।
তাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে। বুধুৱে লগত নিয়া দাখনেৰে শুক্ৰাক আক্ৰমণ কৰে যদিও শুক্ৰা সামান্য আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পাছত ওচৰতে থকা এডাল বাঁহেৰে শুক্ৰাই বুধুক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত উপৰ্যুপৰি প্ৰহাৰৰ ফলত বুধু গুৰুতৰভাৱে আহত হয় (brutally killed elder brother)।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহায়ত তেজেৰে লুতৰি-পুতৰি হৈ থকা বুধুক সোণাৰি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে বুধুক মৃত বুলি ঘোষণা কৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰকেই সোণাৰি আৰক্ষী থানাৰ দল এটা চিকিৎসালয়ত উপস্থিত হৈ ভাতৃ হত্যাকাৰী শুক্ৰাক আটক কৰাৰ লগতে বুধুৰ মৃতদেহ উদ্ধাৰ কৰি আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোৱে সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|