বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে যদি এগৰাকী মহিলাই এজন পুৰুষৰ সৈতে সম্পৰ্কত থাকে আৰু স্বেচ্ছাই তেওঁৰ লগত থাকে, সেই সম্পৰ্ক বেয়া হ’লেও পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব। এই পৰ্যবেক্ষণৰ লগে লগে ন্যায়াধীশ হেমন্ত গুপ্তা আৰু বিক্ৰম নাথ বিচাৰপীঠে ধৰ্ষণ, অস্বাভাৱিক অপৰাধ, অপৰাধমূলক ভয়-ভাবুকিৰ অভিযোগত অভিযুক্ত আনছাৰ মহম্মদ নামৰ এজন লোকক আগতীয়া জামিন প্ৰদান কৰে।
“অভিযোগকাৰীয়ে স্বেচ্ছাই আপীলকাৰীৰ লগত থাকিছিল আৰু সম্পৰ্ক এটা আছিল। গতিকে এতিয়া যদি সম্পৰ্কটো ঠিক নহয়, তেন্তে এইখিনিয়েই ৩৭৬(২)(এন) আইপিচিৰ অধীনত অপৰাধৰ বাবে এফআইআৰ দাখিল কৰাৰ ভিত্তি হ’ব নোৱাৰে,” ন্যায়ালয়ৰ আদেশত এইদৰে কোৱা হৈছে বুলি বাৰ এণ্ড বেঞ্চৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ন্যায়ালয়ে এই আপীল মঞ্জুৰ কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ে আপীলকাৰীক গ্ৰেপ্তাৰৰ পূৰ্বে জামিন নাকচ কৰা নিৰ্দেশ বাতিল কৰে। “যোগ্য কৰ্তৃপক্ষৰ সন্তুষ্টিৰ আধাৰত আপীলকাৰীক জামিনত মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে,” বিচাৰপীঠে মন্তব্য কৰে।
ভাৰতীয় দণ্ডবিধিৰ ৪৩৮ নং ধাৰা অনুসৰি ৰাজস্থান উচ্চ ন্যায়ালয়ে তেওঁৰ প্ৰত্যাশিত জামিনৰ আবেদন নাকচ কৰাৰ পিছতে আনছাৰ মহম্মদে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
ৰাজস্থান উচ্চ ন্যায়ালয়ে ১৯ মে’ত দিয়া আদেশত গ্ৰেপ্তাৰৰ পূৰ্বে জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কয় যে, “এয়া এটা স্বীকাৰ্য্য স্থিতি যে আবেদনকাৰীয়ে অভিযোগকাৰীক বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ সম্পৰ্কৰ বাবে এটি কন্যা সন্তানৰ জন্ম হৈছিল । সেয়েহে, প্ৰত্যাশিত জামিন আবেদন খাৰিজ কৰা হৈছে।"
উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে যে অভিযোগকাৰীয়ে আপীলকাৰীৰ সৈতে চাৰি বছৰ ধৰি সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল আৰু সম্পৰ্ক আৰম্ভ হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২১ বছৰ।
ইয়াৰ ভিত্তিতে ন্যায়ালয়ে আপীলকাৰী আনছাৰক প্ৰত্যাশিত জামিন প্ৰদান কৰে।
বিচাৰপীঠে অৱশ্যে স্পষ্ট কৰি দিয়ে যে আদেশত দিয়া পৰ্যবেক্ষণসমূহ কেৱল প্ৰত্যাশিত গ্ৰেপ্তাৰৰ জামিন আবেদনৰ সিদ্ধান্ত লোৱাৰ উদ্দেশ্যেহে দিয়া হৈছে। আদেশত উল্লেখ কৰা পৰ্যবেক্ষণসমূহৰ দ্বাৰা তদন্ত প্ৰক্ৰিয়া প্ৰভাৱিত নোহোৱাকৈ আগবাঢ়িব লাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|