உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Woman Trafficking : নাম সলনি কৰি প্ৰেমৰ জালত পেলাইছিল যুৱতীক, বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক মুচাৰুল হক

    Woman Trafficking : নাম সলনি কৰি প্ৰেমৰ জালত পেলাইছিল যুৱতীক, বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক মুচাৰুল হক

    Woman Trafficking : ৰাহুল ডেকা ছদ্মনামেৰে কাৰ্বিআংলঙৰ কিশোৰীক ফুচুলাই বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক এজন যুৱক ৷

    Woman Trafficking : ৰাহুল ডেকা ছদ্মনামেৰে কাৰ্বিআংলঙৰ কিশোৰীক ফুচুলাই বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক এজন যুৱক ৷

    Woman Trafficking : ৰাহুল ডেকা ছদ্মনামেৰে কাৰ্বিআংলঙৰ কিশোৰীক ফুচুলাই বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক এজন যুৱক ৷

    • Share this:
    ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম্য ৷ এইবাৰ এগৰাকী কিশোৰীক ফুচুলাই অপহৰণ কৰি বহিঃৰাজ্যলৈ নিয়াৰ সময়তে জাগীৰোডত আটক এজন যুৱক ৷ কাৰ্বিআংলং জিলাৰ উলুকুঞ্চিৰ এগৰাকী কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে ৰে'লেৰে বহিঃৰাজ্যলৈ নিয়াৰ সময়তে ৰে'লত থকা মৰিগাঁৱৰ হিন্দু জাগৰণ মঞ্চৰ কৰ্মকৰ্তাৰ সন্দেহ ওপজে ৷

    যুৱকজনক সোধা-পোছা কৰাত পোহৰলৈ আহে অপহৰণৰ ঘটনা ৷ মৰিগাঁৱৰ মণিপুৰটুপ গাঁৱৰ মুচাৰুল হক নামৰ যুৱকজনে ৰাহুল ডেকা নামেৰে পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক।

    পৰৱৰ্তী সময়ত জাগীৰোড বজৰং দল আৰু ৰে'ল আৰক্ষীৰ সহযোগত যুৱকজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে অপহৃত কিশোৰীগৰাকীক ৷ সম্প্ৰতি জাগীৰোড আৰক্ষী থানাত যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে যুৱতীগৰাকীৰ একে গাঁৱৰে আন এগৰাকী যুৱতীক প্ৰেমৰ ছলনাৰে মুচাৰুল হকৰ এজন বন্ধুৱে অপহৰণ কৰাৰ পৰিকল্পনাৰ কথাও জেৰাত প্ৰকাশ কৰে যুৱকজনে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: