ছুপাৰ মাৰ্কেটত খোৱা বস্তুত থুৱাই থৈ আহিল মহিলাই, পেলাই দিব লগা হ'ল ২৬ লাখ টকাৰ খাদ্য সামগ্ৰী, সুৰাৰ ৰাগীতহে হেনো কৰিছিল এনেকুৱা কাম
সাংকেতিক চিত্ৰ
মহিলাগৰাকীয়ে ছুপাৰমাৰ্কেটখনৰ ব্ৰেড, কেক, মাংস, পাচলি আদি বিভিন্ন খোৱা বস্তুৰ ওপৰত থুৱাই থৈ যায়। মালিকে প্ৰায় ২৬ লাখ টকাৰ সামগ্ৰী পেলাই দিবলৈ বাধ্য হয়।
- News18 Assam
- Last Updated: August 26, 2021, 1:19 PM IST
ছুপাৰ মাৰ্কেটখনৰ প্ৰায় ২৬ লাখ টকাৰ খাদ্য সামগ্ৰীৰ ওপৰত থুৱাই অহাৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ বিৰুদ্ধে। ছুপাৰমাৰ্কেটখনত সোমায়েই মহিলাগৰাকীয়ে নিজকে কোভিড পজিটিভ বুলি চিঞৰি চিঞৰি খোৱা বস্তুবোৰৰ ওপৰত থুৱাবলৈ ধৰে। 'এতিয়া এই বস্তুবোৰ খাই সকলোৱেই কোভিড পজিটিভ হৈ যাওক' বুলি চিঞৰিব ধৰে। ইমানেই নহয় ছুপাৰমাৰ্কেটখনলৈ অহা গ্ৰাহকৰ গালৈও থুৱায় মহিলাগৰাকীয়ে। তাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।
মহিলাগৰাকীয়ে ছুপাৰমাৰ্কেটখনৰ ব্ৰেড, কেক, মাংস, পাচলি আদি বিভিন্ন খোৱা বস্তুৰ ওপৰত থুৱাই থৈ যায়। ঘটনাৰ পিছতে ছুপাৰমাৰ্কেটখনৰ মালিকে প্ৰায় ২৬ লাখ টকাৰ সামগ্ৰী পেলাই দিবলৈ বাধ্য হয়।













