• Home
  • »
  • News
  • »
  • crime
  • »
  • Girl Killed Lover with Mobile : সৰু কাজিয়াই ডাঙৰ হ'ল, প্ৰেমিকাই মোবাইলেৰে মূৰত মাৰোতেই প্ৰেমিকৰ মৃত্যু!

Girl Killed Lover with Mobile : সৰু কাজিয়াই ডাঙৰ হ'ল, প্ৰেমিকাই মোবাইলেৰে মূৰত মাৰোতেই প্ৰেমিকৰ মৃত্যু!

Girl Killed Lover with Mobile : আৰ্জেণ্টিনাৰ এগৰাকী মহিলাই তাইৰ প্ৰেমিকৰ মূৰলৈ মোবাইল মাৰি পঠিওৱাৰ পিছতে প্ৰেমিকৰ মৃত্যু হয়।

Girl Killed Lover with Mobile : আৰ্জেণ্টিনাৰ এগৰাকী মহিলাই তাইৰ প্ৰেমিকৰ মূৰলৈ মোবাইল মাৰি পঠিওৱাৰ পিছতে প্ৰেমিকৰ মৃত্যু হয়।

Girl Killed Lover with Mobile : আৰ্জেণ্টিনাৰ এগৰাকী মহিলাই তাইৰ প্ৰেমিকৰ মূৰলৈ মোবাইল মাৰি পঠিওৱাৰ পিছতে প্ৰেমিকৰ মৃত্যু হয়।

  • Share this:
পতি-পত্নী বা প্ৰেমিক-প্ৰেমিকাৰ মাজত তৰ্ক-বিতৰ্ক বা কাজিয়া (Fight Between Couple) লগাতো সাধাৰণ কথা। যদিও দম্পতীসকলৰ মাজত তৰ্ক বা কাজিয়া হোৱাটো স্বাভাৱিক কিন্তু প্ৰহাৰ বা মাৰপিট কৰাটো যথেষ্ট বিপদজনক হ'ব পাৰে। কেতিয়াবা এনে হয় যে সৰু কথা এটাত লগা কাজিয়া এখন ডাঙৰ হৈ পৰে আৰু উত্তেজনাত হাতত যি থাকে বা ওচৰত যি পায় তাৰেই কোনোবা এজনে আনজনক মাৰি পঠিয়ায়। প্ৰায়েই এনে পৰিস্থিতিত হাতত থকা বস্তুতো বিপক্ষলৈ মাৰি পঠিওৱা হয়। সেয়া হয়তো হাতত থকা মোবাইলটোও হ'ব পাৰে! পিছে এনেদৰে খঙৰ ভমকত এগৰাকী মহিলাই হাতৰ মোবাইলটোকে মাৰি পঠিওৱাৰ পৰণতিত মৃত্যু হ'ল স্বামীৰ। এই অবিশ্বাস্য ঘটনা সংঘটিত হৈছে  আৰ্জেণ্টিনাত।

আৰ্জেণ্টিনাৰ এগৰাকী মহিলাই তাইৰ প্ৰেমিকলৈ মোবাইল মাৰি (Mobile Phone Kills Lover) পঠিওৱাৰ পিছতে প্ৰেমিকৰ মৃত্যু হয়। কাজিয়াৰ সময়ত মহিলাগৰাকীয়ে প্ৰেমিকৰ মূৰত ম'বাইল ফোনটো দলিয়াই দিছিল। কিন্তু তেওঁ ভবাও নাছিল যে এই আক্ৰমণত তেওঁৰ প্ৰেমিকৰ মৃত্যুও হ'ব পাৰে। ২২ বছৰীয়া ৰোক্সানা এডেলিনা লোপেজ (Roxana Adelina Lopez)ৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হৈছে।

ৰোক্সানাই আৰ্জেণ্টিনাৰ ফৌজদাৰী আদালতত এটা গোচৰৰ সন্মুখীন হৈছে। অৱশ্যে বিচাৰ প্ৰক্ৰিয়ালৈ মহিলাগৰাকীক জামিন মঞ্জুৰ কৰিছে আদালতে। মহিলাগৰাকীৰ সংগী লুইছ দাৰিও গুয়াণ্টে বুলি চিনাক্ত কৰা হৈছে। বাতৰি অনুসৰি ৰোক্সানা আৰু লুইছে কিবা এটা কথাক লৈ তৰ্ক কৰি আছিল আৰু এবাৰ লুইছে ৰোক্সানাৰ ওপৰত হাত দাঙিছিল। ইয়াতে  খঙত একো নাই হৈ ৰোক্সানাই হাতত থকা মোবাইল ফোনটোৰে লুইছলৈ মাৰি পঠিয়াছিল। ম'বাইল ফোনটো লুইছৰ মূৰত আঘাত কৰিছিল আৰু লগে লগে প্ৰেমিক লুইছ অচেতন হৈ পৰিছিল। পাছত চিকিৎসালয়লৈ নিয়াৰ পথত লুইছৰ মৃত্যু (Girlfriend Killed Lover) হয়।

এই ঘটনাত হতভম্ব হৈ পৰে ৰোক্সানা। কিন্তু ২২ বছৰীয়া ৰোক্সানা এডেলিনা লোপেজৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হৈছে। চিকিৎসকসকলে শৰীৰৰ মৰণোত্তৰ পৰীক্ষাত কয় যে তেওঁৰ মগজুত গভীৰ আঘাত হৈছিল। ইয়াৰ ফলত তেওঁৰ ঘটনাস্থলীত মৃত্যু হয়। অৱশ্যে, কিহৰ বাবে যুঁজ হৈছিল সেয়া প্ৰকাশ কৰা হোৱা নাই। আদালতে গোচৰটোৰ শুনানি আৰম্ভ কৰিছে আৰু ৰোক্সানাই এই অবাঞ্চিত আক্ৰমণটোক নিজৰ সুৰক্ষাৰ বাবে লোৱা এটা পদক্ষেপ হিচাপে অভিহিত কৰিছে। ৰোক্সানাক এতিয়ালৈ আত্মৰক্ষাৰ গোচৰত জামিন দিয়া হৈছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি