মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»নাজিৰাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গ্ৰেপ্তাৰ। আৰক্ষীৰ সন্মুখতে ৰুদ্ৰ মূৰ্তি ধৰি চোচা ল'লে সাংবাদিকলৈ।

নাজিৰাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গ্ৰেপ্তাৰ। আৰক্ষীৰ সন্মুখতে ৰুদ্ৰ মূৰ্তি ধৰি চোচা ল'লে সাংবাদিকলৈ।

News18 Assam | News18-Assam
Updated:June 15, 2021, 3:22 PM IST
নাজিৰাত ড্ৰাগছ সৰবৰাহকাৰী মহিলা গ্ৰেপ্তাৰ। আৰক্ষীৰ সন্মুখতে ৰুদ্ৰ মূৰ্তি ধৰি চোচা ল'লে সাংবাদিকলৈ।
মহিলাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ৪.১৩ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ । 

মহিলাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ৪.১৩ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ । 

  • Share this:
নাজিৰাৰ অসম -নগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত আৰক্ষীৰ অভিযানত জালত পৰিল এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ী। এক গোপন সূত্ৰৰ ভিত্তিত শিমলুগুৰি আৰু বিহুবৰ আৰক্ষীৰ যৌথ অভিযানত ঔগুৰিজানৰ অঞ্জলি বৰুৱা দাস নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় ৪.১৩ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ । শিমলুগুৰি আৰক্ষীৰ চকীৰ পৰা চিকিৎসালয়লৈ নিয়াৰ সময়ত বিহুবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সন্মুখতে সাংবাদিকক অভব্য আচৰণ কৰি চোচা লৈ আহে মহিলাগৰাকীয়ে ৷ 

অসম নগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল অঞ্জলি বৰুৱা দাস নামৰ মহিলাগৰাকীয়ে। বিহুবৰত মহিলাগৰাকীৰ উপৰিও আন কেইবাজনো ব্যৱসায়ীয়ে  ড্ৰাগছৰ অবৈধ বেহা চলাই অহা বুলি বিহুবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

শিমলুগুৰি আৰক্ষীৰ চকীৰ পৰা চিকিৎসালয়লৈ নিয়াৰ সময়ত বিহুবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সন্মুখতে সাংবাদিকক অভব্য গালি-গালাজ কৰি চোচা লৈ আহে মহিলাগৰাকীয়ে। আৰক্ষীৰ সন্মুখতে এনে অভব্য আচৰণ কৰিবলৈ সাহস ক'ত পালে মহিলা ড্ৰাগছ ব্যৱসায়ীয়ে সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে। ইতিমধ্যে শিমলুগুৰি আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Published by: Manjumoni Borah
First published: June 15, 2021, 3:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি