ড্ৰাগছসহ ১৬ হেজাৰ নগদ ধন উদ্ধাৰ কৰে মহিলাগৰাকীৰ পৰা। মহিলাগৰাকীয়ে অন্তৰ্বাসৰ তলত ড্ৰাগছখিনি লুকুৱাই ৰাখিছিল।
ড্ৰাগছসহ ১৬ হেজাৰ নগদ ধন উদ্ধাৰ কৰে মহিলাগৰাকীৰ পৰা। মহিলাগৰাকীয়ে অন্তৰ্বাসৰ তলত ড্ৰাগছখিনি লুকুৱাই ৰাখিছিল।
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান যিমান কঠোৰ হৈছে সিমানেই টতুৰ হৈছে ড্ৰাগছ সৰবৰাহকীৰও। নিত্য-নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ৰমৰমীয়া বেহা। শেহতীয়াকৈ লখিমপুৰত পোহৰলৈ আহিছে সৰবৰাহকাৰীৰ নতুন অদ্ভূত তৌশল।
লখিমপুৰত মহিলাই অন্তৰ্বাসৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰি আহিছে ড্ৰাগছ। আজি এগৰাকী মহিলাই অন্তৰ্বাসৰ তলত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে ড্ৰাগছ । লখিমপুৰৰ লালুকৰ ২ নং কেহুতলীত আৰক্ষীয়ে অভিযান চলাই চাধাৰ টেমা আৰু কণ্টেইনাৰত উদ্ধাৰ কৰে হেৰ'ইন। ড্ৰাগছসহ ১৬ হেজাৰ নগদ ধন উদ্ধাৰ কৰে মহিলা এগৰাকীৰ পৰা। মহিলাগৰাকীয়ে অন্তৰ্বাসৰ তলত ড্ৰাগছখিনি লুকুৱাই ৰাখিছিল। মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় যদিও আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰে আন কেইবাজনো ড্ৰাগছ বেপাৰী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|