আইনী ব্যৱস্থাত নাৰী নিৰ্যাতনৰ ঘটনা এক গুৰুতৰ অপৰাধ হিচাবে বিবেচিত হৈ অহাৰ সময়তে গহপুৰত এজন নিৰ্দয় স্বামীৰ নেতৃত্বত এগৰাকী মহিলাক দলবদ্ধ ভাবে শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গহপুৰৰ গলচেপা কুঁহিমাৰীত যোৱা ১১ জুনৰ নিশা সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত থকাৰ অভিযোগত আজি গহপুৰ আৰক্ষীয়ে পুৰুষ-মহিলাসহ সাতজনক গ্ৰেপ্তাৰ কৰে।
জানিব পৰামতে, গলচেপা কুঁহিমাৰী গাঁৱৰ কেশৱ দাসৰ পত্নী তথা তিনি সন্তানৰ মাতৃ ৰণমাই দাসে প্ৰায় ছয় মাহ পূৰ্বে পাৰিবাৰিক সংঘাতৰ বাবে ঘৰ এৰি অন্য এজন পুৰুষৰ সৈতে আঁতৰি যায়। কিন্তু যোৱা ১১ জুনত ৰণমাই পুনৰ স্বামী কেশৱ দাসৰ ঘৰলৈ ঘূৰি আহে। ৰণমাই পুনৰ ঘূৰি অহাত খঙত অগ্নিশৰ্মা হৈ স্বামী কেশৱ দাসে নিশা ৰণমাইক গুৰুলাগুৰুলকৈ মাৰপিট কৰি নিৰ্যাতন চলায়। অসহায় ৰণমাইৰ ওপৰত চলোৱা নিৰ্যাতনত একাংশ পুৰুষ আৰু মহিলায়ো হাত উজান দিয়ে।
মহিলাগৰাকীক অকথ্য গালি-গালাজেৰে চুলিত ধৰি মাটিত বগৰাই প্ৰহাৰ কৰা দেখি স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোকে গহপুৰ আৰক্ষী থানাত খবৰ দিয়ে। আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ লেবেজান হৈ পৰা ৰণমাইক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত নিৰ্যাতিতা ৰণমাই দাসৰ পিতৃ কামেশ্বৰ দাসে ১২ জুনত গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত গহপুৰ আৰক্ষীয়ে ১৪৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ঘটনাত জড়িত থকাৰ অভিযোগত পুৰুষ-মহিলাসহ সাতজনক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে।
নিৰ্যাতিতা মহিলাগৰাকী বৰ্তমান তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|