• Home
  • »
  • News
  • »
  • crime
  • »
  • Woman beheads husband in Tripura : স্বামীক শিৰচ্ছেদ কৰি হত্যা, কটা মুণ্ড মন্দিৰত ৰাখিলে পত্নীয়ে!

Woman beheads husband in Tripura : স্বামীক শিৰচ্ছেদ কৰি হত্যা, কটা মুণ্ড মন্দিৰত ৰাখিলে পত্নীয়ে!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

অভিযুক্তৰ ডাঙৰ পুত্ৰৰ দাবী, ‘আমাৰ মা নিৰামিষভোজী আছিল। কিন্তু কালি নিশা হঠাৎ মুৰগীৰ মাংস খাইছিল।’

  • Share this:
স্বামীক হত্যা কৰি মুণ্ডচ্ছেদ কৰিলে পত্নীয়ে। তাৰ পিছত স্বামীৰ ছিন্ন মুণ্ড প্লাষ্টিকৰ বেগত ভৰাই ঘৰৰ মন্দিৰত ৰাখি থ’লে অভিযুক্ত পত্নীয়ে। শনিবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত হয় ত্ৰিপুৰাৰ খোৱাই জিলাত।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, নিহত লোকজনৰ বয়স ৫০ বছৰ। খোৱাই জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে জনাইছে, হত্যাৰ কাৰণ এতিয়া স্পষ্ট হোৱা নাই। অভিযুক্তৰ পুত্ৰৰ দাবী, কিছুদিন ধৰি মাতৃ মানসিক সমস্যাত ভুগি আছিল। চিকিৎসাৰ বাবে তেওঁক স্থানীয় এজন ওজাৰ ওচৰলৈ নিয়া হৈছিল বুলিও জনায়।

ঘটনাৰ পিছতে ৪২ বছৰীয়া অভিযুক্ত মহিলাগৰাকীক ইন্দিৰা কলনীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পেছাত দিন হাজিৰা কৰা ৰবীন্দ্ৰ তাঁতী আৰু দুই নাবালক পুত্ৰক লৈ আছিল মহিলাগৰাকী।

অভিযুক্তৰ ডাঙৰ পুত্ৰৰ দাবী, ‘আমাৰ মা নিৰামিষভোজী আছিল। কিন্তু কালি নিশা হঠাৎ মুৰগীৰ মাংস খাইছিল। ইয়াৰ পিছত আমি সকলোৱে টোপনি মাৰিবলৈ লওঁ। হঠাৎ টোপনি ভঙাত দেখিলো দেউতা মূৰ কটা অৱস্থাত পৰি আছে। মাৰ হাতত তেজলগা দা দেখিছিল আমি। আমি চিঞৰ বাখৰ কৰাত মায়ে দৌৰ গৈ দেউতাৰ ছিন্ন মুণ্ড মন্দিৰৰ ভিতৰত খুমুৱাই থয়।’

তাৰ পিছতে মহিলাগৰাকীয়ে নিজকে এটা ঘৰত বন্দী কৰি ৰাখে। পিছত আৰক্ষী আহি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি