সমগ্ৰ অসমতে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ চহৰে–গাঁৱে ড্ৰাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও কমা নাই ড্ৰাগছ সেৱনকাৰী আৰু ব্যৱসায়ীৰ দৌৰাত্ম্য।
আজি বৰপেটাৰোড আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত ৪২ গ্ৰাম ড্ৰাগছসহ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
প্ৰাপ্ত খবৰ অনুসৰি, আজি দুপৰীয়া ১ মান বজাত বৰপেটাৰোডৰ ৯নং ৱাৰ্ডৰ অন্তৰ্গত আজাদ নগৰৰ ৰে'লৱে ক্ৰছিঙৰ সমীপত বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীগৰাকীক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা ধৃত ড্ৰাগছ ব্যৱসায়ীগৰাকী বৰপেটাৰোডৰ আজাদ নগৰৰ মমতাজ খাতুন(২৬)।
Published by: Gautam Barman
FIRST PUBLISHED : September 13, 2022, 00:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।