মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা । মহানগৰীৰ ধাৰাপুৰৰ মজলীত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছ (Drugs) বিৰোধী অভিযান । অভিযানত মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে ধাৰাপুৰৰ মজলীৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । মজলীৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ বাস গৃহত আৰক্ষীয়ে চলাই এই অভিযান । ৬ মাহ মান আগৰ পৰা মজলীৰ নিজ বাস গৃহত বাঁহৰ পাতি ছফিকুলে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰে ডেৰ লাখ ৱৰ্ল্ড ইজ ইয়ৰছ (WIY), য়াবা (Yaba) বুলিও বিখ্যাত নিচাযুক্ত টেবলেট টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি ৫৫ লাখ টকা। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৬ লাখ টকা ।
আৰক্ষীয়ে ছফিকুলক আজাৰা থানালৈ অনাৰ সময়তে ধাৰাপুৰ বজাৰত চলন্ত গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে । গুলীচালনাত গুৰুতৰভাৱে আহত হয় ড্ৰাগছ বেপাৰী ছফিকুল ইছলাম । আহত ছফিকুল ইছলামক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত পাণবজাৰৰ এমএমচিএইছ (MMCH)লৈ প্ৰেৰণ কৰা হয় ।
আৰক্ষীয়ে ছৰিফুল ইছলামৰ পৰা AS-01-ET-7998 আৰু AS-01-DU-7446 নম্বৰৰ দুখন বিলাসী চাৰিচকীয়া বাহন জব্দ কৰে। আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ADCP সঞ্জীৱ শইকীয়াৰ নেতৃত্বত চলে এই অভিযান ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|