• Home
  • »
  • News
  • »
  • crime
  • »
  • এই মৰম তোমাৰ বাবে– কয়দী স্বামীৰ বাবে মৰিগাঁৱৰ কাৰাগাৰলৈ পত্নীয়ে নিলে হেৰ'ইন

এই মৰম তোমাৰ বাবে– কয়দী স্বামীৰ বাবে মৰিগাঁৱৰ কাৰাগাৰলৈ পত্নীয়ে নিলে হেৰ'ইন

পাউৰুটীৰ ভিতৰত হেৰ'ইনভৰ্তি তিনিটা কন্টেইনাৰ।

পাউৰুটীৰ ভিতৰত হেৰ'ইনভৰ্তি তিনিটা কন্টেইনাৰ।

পাউৰুটীৰ ভিতৰত হেৰ'ইনভৰ্তি তিনিটা কন্টেইনাৰ।

  • Share this:

ৰাজ্যত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে ৷ বিগত কেইমাহত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে জে'ল-হাজোতলৈ প্ৰেৰণ কৰিছে বহু বাঘা বাঘা ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ আৰক্ষীয়ে জব্দ কৰিছে কেইবাকোটি টকাৰ মাৰাত্মক ড্ৰাগছ৷


কিন্তু যিমানেই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে, সিমানেই চতুৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষী ডালে ডালে, ড্ৰাগছ সৰবৰাহকাৰী পাতে পাতে ৷ কেতিয়াবা যদি বাহনৰ তেলৰ টেংকিত, কেতিয়াবা আকৌ কন্টেইনাৰ ট্ৰাকত ড্ৰাগছ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ৷


কিন্তু এইবাৰ ঘটিল আন এক চাঞ্চল্যকৰ ঘটনা ৷ এইবাৰ জে'ললৈ শিপাইছে মাৰাত্মক ড্ৰাগছ৷ মৰিগাঁও জিলা কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা ৷ মৰিগাঁও জিলা কাৰাগাৰত ড্ৰাগছ সৰবৰাহ কৰিবলৈ আহিল এগৰাকী মহিলা ৷


ঘটনা অনুসৰি, মৰিগাঁও জিলা কাৰাগাৰত কয়দী হিচাপে আছে নিজামুদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী ৷ মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চল মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ ব্যৱসায়ী তথা ড্ৰাগছ আসক্ত নিজামুদ্দিনক ৷ বৃহস্পতিবাৰে কাৰাগাৰত সাক্ষাৎ কৰিবলৈ নগাঁৱৰ পৰা আহিছিল কয়দী নিজামুদ্দিনৰ পত্নী খুচমা খাতুন ৷


স্বামী নিজামুদ্দিনৰ বাবে পত্নীয়ে লৈ আহিছিল পাউৰুটি ৷ কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই কয়দী নিজামুদ্দিনৰ বাবে পত্নীয়ে লৈ অহা খাদ্য তন্নতন্নকৈ তালাচী চলোৱাত কপালত উঠে কৰ্তব্যৰত আৰক্ষীৰ চকু ৷ পত্নী খুচমা খাতুনে ড্ৰাগছ আসক্ত স্বামী নিজামুদ্দিনৰ বাবে পাউৰুটিৰ ভিতৰত গোপনে লৈ আহিছিল নিষিদ্ধ হেৰইন ৷


তিনিটা কন্টেইনাৰত মুঠ ৩.৪২ গ্ৰাম হেৰইন লৈ স্বামীক সাক্ষাৎ কৰিবলৈ কাৰাগাৰলৈ আহিছিল পত্নী খুচমা খাতুন ৷ এই খবৰ পোৱাৰ লগে লগে কাৰাগাৰত উপস্থিত হয় মৰিগাঁও আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে মহিলাগৰাকীক আটক কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে ৷

Published by:Gautam Barman
First published: