মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Nagaon: নগাঁৱৰ ইটাভাতাত কৰ্মৰত শ্ৰমিকৰ পত্নীক উপৰ্যুপৰি ধৰ্ষণ, মালিকপক্ষৰ বিৰুদ্ধে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ

Nagaon: নগাঁৱৰ ইটাভাতাত কৰ্মৰত শ্ৰমিকৰ পত্নীক উপৰ্যুপৰি ধৰ্ষণ, মালিকপক্ষৰ বিৰুদ্ধে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ

নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয় নাহাতাৰ মালিকানাধীন আৰ জে ব্ৰিকছত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয় নাহাতাৰ মালিকানাধীন আৰ জে ব্ৰিকছত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয় নাহাতাৰ মালিকানাধীন আৰ জে ব্ৰিকছত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

  • Share this:
নগাঁৱৰ ইটাপাৰাস্থিত আৰ জে ব্ৰিকছ নামৰ ইটাভাতাটোৰ এগৰাকী শ্ৰমিকে ভাতাটোৰে এগৰাকী গাড়ীচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ থানাত (Nagaon Police Station)  এজাহাৰ দাখিল কৰিছে। ইটাভাতাৰ ৰান্ধনি হিচাপে কৰ্মৰত শ্ৰমিকগৰাকীৰ অভিযোগ অনুসৰি মঙলবাৰে নিশা প্ৰায় ২বজাত তেওঁৰ পত্নীক মনীশ চৌদশী নামৰ ব্যক্তিগৰাকীয়ে গামোচাৰে মুখত সোপা দি নাৰকীয় কাণ্ড সংঘটিত কৰে।

নিশা প্ৰস্ৰাৱ কৰিবলৈ উঠি যাওঁতেই এই  জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ স্বামীয়ে (allegations of rape)। ইয়াৰ পিছতে নিশা ইটাভাতাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছে আশ্চৰ্যজনকভাৱে ইটাভাতাৰ মালিকপক্ষই অভিযুক্ত মনীষ চৌদশীক পলুৱাই পঠিওৱাৰো অভিযোগ কৰিছে ধৰ্ষিতা মহিলাগৰাকীৰ স্বামীয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। নগাঁও আৰক্ষীয়ে মহিলাগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাইছে। আনহাতে, মহিলাগৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি ভাতাটোৰ মেনেজাৰ বীৰেন্দ্ৰ সিং আৰু মালিক পক্ষই অভিযুক্ত মনীষ চৌদশীক পলায়ন কৰাত সহায় কৰিছে।

উল্লেখযোগ্য যে নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয় নাহাতাৰ মালিকানাধীন আৰ জে ব্ৰিকছত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়া বাতৰি