உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ৰাজ হাজৰিকা পৰিচয়েৰে হিন্দু যুৱতীক বিবাহ কৰাই এতিয়া চলাইছে অকথ্য নিৰ্যাতন, কোন এই ৰফিউল হুছেইন?

    ৰাজ হাজৰিকা পৰিচয়েৰে হিন্দু যুৱতীক বিবাহ কৰাই এতিয়া চলাইছে অকথ্য নিৰ্যাতন, কোন এই ৰফিউল হুছেইন?

    শিৱসাগৰ থানাত এজাহাৰ দাখিল, দোষীক শাস্তিৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ 

    শিৱসাগৰ থানাত এজাহাৰ দাখিল, দোষীক শাস্তিৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ 

    শিৱসাগৰ থানাত এজাহাৰ দাখিল, দোষীক শাস্তিৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ 

    • Share this:

    শিৱসাগৰত এগৰাকী হিন্দু যুৱতীক মুছলমান যুৱকে ধৰ্মীয় প্ৰৱঞ্চনাৰে বিয়া কৰাই বৰ্তমান নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি,  শিৱসাগৰৰ ৰফিউল হুছেইন নামৰ ব্যক্তিজনে প্ৰেমৰ জাল তৰি  ৰাজ হাজৰিকা ওৰফে ৰাজীৱ হাজৰিকা নাম লৈ বানমুখৰ নিতু ৰাজখোৱাক ২০১৭ চনত হিন্দু প্ৰথাৰে বিয়া কৰায়।


    কিন্তু বিয়াৰ তিনি–চাৰি মাহ পিছতহে নিতু ৰাজখোৱাই ৰাজ হাজৰিকাৰ প্ৰকৃত নাম ৰফিউল হুছেইন তথা মুছলমান ব্যক্তি বুলি জানিব পাৰে। কেৱল ইমানেই নহয় , ৰফিউলে ইতিপূৰ্বে দুই–তিনি যুৱতীক বিয়া কৰাইছিল বুলিও জানিব পৰা গৈছে।


    প্ৰকৃত ছবিখন পোহৰলৈ অহাত নিতু ৰাজখোৱাই প্ৰতিবাদ কৰিছিল যদিও মাতৃগৃহই মুছলমান ব্যক্তিলৈহে বিয়া হোৱা বুলি জানিব পাৰি কন্যাৰ সৈতে সম্পৰ্ক ছেদ কৰে। ফলত অকলশৰীয়া হৈ পৰে নিতু ৰাজখোৱা।


     এনে অৱস্থাত উপায়হীন হৈ পৰে  নিতু। ফলত  যুৱতীগৰাকীৰ নাম আয়েশা  হাজৰিকালৈ পৰিৱৰ্তন কৰাৰ লগতে জোৰ কৰি মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত কৰে। তদুপৰি ঘৰৰ পৰা বাহিৰলৈ ওলালে  বোৰ্খা পৰিধান কৰিহে ওলাবলৈ দিয়ে । এই বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে।


    এইখিনিও যুৱতীগৰাকীয়ে  সহ্য কৰি আহিছিল যদিও বৰ্তমান নিতু ৰাজখোৱা ওৰফে আয়েশাৰ ভৰণ–পোষণৰ দায়িত্বও ৰফিউলে  নোলোৱাত বাৰুকৈয়ে বিপাঙত পৰিছে। ভৰণ–পোষণৰ দায়িত্ব লোৱাৰ পৰিৱৰ্তে নিৰ্যাতনহে চলোৱা বুলি অভিযোগ উত্থাপন কৰি আয়েশা হাজৰিকাই ৰফিউল হুছেইনৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।


    ইয়াৰ উপৰি প্ৰৱঞ্চক ব্যক্তিজনে আয়েশা হাজৰিকা ওৰফে নিতুক এটা ভাড়াঘৰত থৈ প্ৰথমা পত্নীৰ সৈতে বেলেগত দিন কটাইছে বুলিও অভিযোগ উত্থাপন কৰিছে।


    আনহাতে উজনি অসম মুছলিম কল্যাণ পৰিষদেও বৃহস্পতিবাৰে ৰফিউলৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগতে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে। নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি ফাঁকি দি বিয়া পতা আৰু পিছত নিৰ্যাতন চলোৱা কাৰ্য উজনি অসম মুছলিম কল্যাণ পৰিষদে কেতিয়াও সহ্য নকৰে বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৰ মণিৰুল ইছলাম বড়াই ।‌

    Published by:Gautam Barman
    First published: