প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীকে হত্যা কৰিলে এগৰাকী মহিলাই আৰু প্ৰমাণ নষ্ট কৰিবলৈ গৈ পতিৰ মৃতদেহ পেলাই দিলে ছেপ্টিক টেংকত(শৌচালয়ৰ টেংক)। এই নৃশংস ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ দুমকাত। শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে নিহত পতিৰ মৃতদেহ। নিহত লোকজনৰ নাম আছিল ছনু পোদ্দাৰ।
ছনু পোদ্দাৰে কাম কৰিছিছিল গুজৰাটত। পতি গুজৰাটত থকা সময়তে পত্নীৰ আন এজন পুৰুষৰ সৈতে গঢ়ি উঠে অবৈধ সম্পৰ্ক। প্ৰায় ১৫ দিন পূৰ্বে গুজৰৰাটৰ পৰা ঘৰলৈ আহিছিল ছনু। তাৰ পিছতে প্ৰেমিকৰ সৈতে মিলি পত্নী গীতা দেৱীয়ে হত্যা কৰে পতি ছনুক। হত্যাৰ পিছতে ছনুৰ মৃতদেহ লুকুৱাবলৈ পেলাই দিয়ে ছেপ্টিক টেংকত।
১৫ দিনলৈ এই কথাৰ কোনোৱে একো উৱাদিহেই নাপালে। কিন্তু ছনৰ ১৩ বছৰীয়া জীয়েকে এগৰাকী বান্ধৱীক মাকৰ কাণ্ড কাৰখানা কৈ দিয়াৰ পিছত ইজন সিজনকৈ গাঁৱৰ লোকে ঘটনাটো জানিব পাৰে। বৃহস্পতিবাৰে গাঁৱৰ বহু লোকে গৈ থানাত হেঁচা দিয়াত আৰক্ষীয়ে তদন্তৰ বাবে লগে লগে উঠি পৰি লাগে। ছনুৰ পত্নী গীতা দেৱী আৰু অবৈধ প্ৰেমিকক জোৰদাৰ জেৰা কৰাত দুয়োজনে সৈ কাঢ়িবলৈ বাধ্য হয়। তাৰ পিছত শুকুৰবাৰে আৰক্ষীয়ে ছনু পোদ্দাৰৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীয়ে হত্যাকাৰী পত্নী আৰু প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|